ETV Bharat / state

Airtel 5G service in Itanagar : ইটানগৰত এয়াৰটেলৰ ৫জি সেৱা মুকলি

author img

By

Published : Feb 4, 2023, 8:22 PM IST

এতিয়াৰে পৰা অৰুণাচলৰ ৰাজধানী চহৰ ইটানগৰত এয়াৰটেলৰ ৫জি সেৱাৰ সুবিধা লাভ কৰিব গ্ৰাহকে (Airtel 5G service in Itanagar)। শনিবাৰে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ইটানগৰত আনুষ্ঠানিকভাৱে মুকলি কৰে এই সেৱা । এই সেৱাৰ দ্বাৰা ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰ উপকৃত হ'ব বুলি আশাবাদী মুখ্যমন্ত্ৰীগৰাকী ।

Airtel 5G service
ইটানগৰত এয়াৰটেলৰ ৫জি সেৱা মুকলি

তেজপুৰ, ৪ ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে শনিবাৰে বিয়লি ৰাজ্যৰ ৰাজধানী ইটানগৰত এয়াৰটেলৰ ৫জি সেৱাৰ মুকলি কৰে (Arunachal CM launched 5G service in Itanagar)। অনুষ্ঠানত তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৱাংকি লোৱাঙো উপস্থিত থাকে ।

Airtel 5G service
ইটানগৰত এয়াৰটেলৰ ৫জি সেৱা মুকলি

আজিৰে পৰা ইটানগৰত ৫জি সুবিধাৰ ডিভাইচ থকা গ্ৰাহকে বিনামূলীয়াকৈ হাই স্পীড ৫জি নেটৱৰ্কৰ সুবিধা লাভ কৰিব । বৰ্তমান এইচ ছেক্টৰ, চন্দন নগৰ, চেংকি পাৰ্ক, ডনি প’লো বিদ্যা ভৱন, বি বি প্লাজা, পি ছেক্টৰ, জিৰ’ পইণ্ট, জুলি গাঁও, বেংক তিনিআলি, গহপুৰ তিনিআলি, সচিবালয় আৰু ইটানগৰৰ আন কেইটামান স্থানত কাৰ্যক্ষম হৈ থকা এয়াৰটেলে ইয়াৰ বৃদ্ধিৰ আশ্বাস দিছে । এয়াৰটেলৰ নেটৱৰ্কে সেৱাসমূহ সময়মতে সমগ্ৰ চহৰখনতে উপলব্ধ কৰি তুলিব বুলিও আশ্বাস প্ৰদান কৰিছে ।

ৰাজ্যত ৫জি সেৱা আৰম্ভ কৰাৰ বাবে এয়াৰটেলক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে সমগ্ৰ ৰাজ্যতে ডিজিটেল আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰচেষ্টাক একত্ৰিত কৰাটো গুৰুত্বপূৰ্ণ, কাৰণ আধুনিক সমাজ আৰু অৰ্থনীতিকে ধৰি সকলো স্তৰে বৰ্তমান ডিজিটেল সেৱাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল ।

"ৰাজ্য আৰু সামগ্ৰিকভাৱে দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ দৃষ্টিভংগী মূলতঃ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে সেৱা (জি টু চি, জি টু বি, বি টু বি আৰু বি টু চি) প্ৰদানৰ ওপৰত নিৰ্ভৰ কৰিব ৷ ৫জি নেটৱৰ্ক স্থাপনৰ প্ৰভাৱ বৰ্তমানৰ বেতাঁৰ প্ৰৱেশ নেটৱৰ্কৰ বহু ওপৰলৈ যাব আৰু ই অৰ্থনীতিৰ সকলো অংশ স্পৰ্শ কৰিব ।" খাণ্ডুৱে আশা প্ৰকাশ কৰে যে স্বাস্থ্যসেৱা, কৃষি, স্মাৰ্ট চিটি প্ৰকল্প, অইল এণ্ড গেছ আদি খণ্ডই ৫জি সংযোগৰ দ্বাৰা অপৰিসীম লাভৱান হ'ব (Airtel 5G service in Arunachal Pradesh)।

শেহতীয়াকৈ দিবাং ভেলী জিলা ভ্ৰমণৰ কথা উল্লেখ কৰি তেওঁ জিলাখনত এতিয়াও ডিজিটেল সংযোগৰ অভাৱ বুলি অৱগত কৰি এয়াৰটেলক ইয়াক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় । এয়াৰটেল ৫ জি সেৱাৰ মুকলি অনুষ্ঠানত মুখ্য কাৰ্যবাহী বিষয়া ৰাজনীশ ভাৰ্মা, চিটিঅ’ আশীষ বনচাল আৰু বিপণন মুৰব্বী অজিতাভ সিঙৰ নেতৃত্বত এয়াৰটেল ইণ্ডিয়াৰ প্ৰতিনিধিও উপস্থিত থাকে ।

লগতে পঢ়ক :Crackdown Against Child Marriage: বাল্যবিবাহ বিৰোধী অভিযানক সাম্প্ৰদায়িক ৰং দিয়াৰ চেষ্টা আছাদউদ্দিন ওৱেছিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.