ETV Bharat / state

Arunachal Pradesh: কুৰোং কুৰ্মেত উদ্ধাৰ ১০ জন শ্ৰমিক; বায়ুসেনাৰ উদ্ধাৰ অভিযান অব্যাহত - 10 of 19 missing Assam workers rescued in Arunachal Pradesh

যোৱা ১০ জুলাইত ঈদ উপলক্ষে স্ব-গৃহলৈ ওভতাৰ পথত নিৰুদ্দেশ হোৱা ১৯ জন শ্ৰমিকৰ সন্ধানত বৰ্তমানো অব্যাহত উদ্ধাৰ অভিযান । দেওবাৰলৈ মুঠ ১০ জন শ্ৰমিকক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে(10 of 19 missing Assam workers rescued in Arunachal Pradesh) । এতিয়াও সন্ধানহীন ৯ জন ।

air force rescue operation continues in arunachal
9 Assam workers still missing in Arunachal: বৰ্তমানলৈ উদ্ধাৰ ১০ জন শ্ৰমিকক
author img

By

Published : Jul 25, 2022, 1:59 PM IST

তেজপুৰ,২৫ জুলাই: অৰুণাচলৰ কুৰোং কুৰ্মে জিলাৰ দামিনত নিৰুদ্দেশ হোৱা অসমৰ ১৯ গৰাকী শ্ৰমিকৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান । দেওবাৰলৈকে উদ্ধাৰকাৰী দলে অভিযানত উদ্ধাৰ কৰে ১০ জনকৈ শ্ৰমিকক(10 of 19 missing Assam workers rescued in Arunachal Pradesh) । উদ্ধাৰ কাৰ্যৰ সৱিশেষ তথ্য প্ৰকাশ কৰিছে জিলাখনৰ উপায়ুক্ত বেঙীয়া নিগহীয়ে ।

এক বাৰ্তাত উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে যে দামিনত থকা উদ্ধৰকাৰী দল SDRF আৰু আৰক্ষীয়ে দেওবাৰে পুনৰ ২ জন শ্ৰমিকক হোৰিৰ তাৰেই নামৰ ঠাইত মুৰ্মূশ অৱস্থাত উদ্ধাৰ কৰি কলেৰীয়াং জিলা চিকিৎসালয়ত ভৰ্তি কৰায় । ইয়াৰ পূৰ্বে শনিবাৰে আন তিনিজন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ।

9 Assam workers still missing in Arunachal: বৰ্তমানলৈ উদ্ধাৰ ১০ জন শ্ৰমিকক

উপায়ুক্তগৰাকীয়ে জনাই যে সোমবাৰে পুৱাই বায়ুসেনাই হেলিকপ্টাৰ যোগে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল যদিও প্ৰতিকূল বতৰ বাবে দামিনৰ পৰা সীমান্ত অঞ্চলত অভিযান চলোৱাত বিফল হয় । লগতে তেওঁ বৰ্তমানেও ৯ জন লোকৰ সন্ধান পোৱা নাই বুলি উল্লেখ কৰে । সন্ধানহীন আটাইকেইজন লোকৰ সন্ধান লাভ নকৰালৈকে উদ্ধৰকাৰী দলে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে । আনহাতে ফাৰুক নদীৰ সমীপৰ অঞ্চলসমূহত বিষাক্ত সাপ তথা কীট পতংঙ্গৰ বাবে উদ্ধাৰ কাৰ্য্যত যথেষ্ট বাধা আহি পৰাৰ কথাও উপায়ুক্তগৰাকীয়ে সদৰি কৰে ।

লগতে পঢ়ক: Bitupan Changmai in Jail: দুটা মাহে কাৰাগাৰত বন্দী বিতোপন চাংমাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.