ETV Bharat / state

AASU and Ex AASU controversy; প্ৰাক্তন আছু আৰু বৰ্তমানৰ আছুৰ মাজত কোনো সংঘাত নাই : উৎপল শৰ্মা

author img

By

Published : Jun 12, 2023, 2:19 PM IST

আছু বনাম প্ৰাক্তন আছু ৷ আছুক বিভাজনমুখী কৰাৰ ষড়যন্ত্ৰ চলিছে নেকি ? প্ৰাক্তন আছুৰ দ্বাৰা জন্ম হ’ব নেকি নতুন সংগঠনৰ ? এই সন্দৰ্ভত কি কয় আছুৱে ?

Etv Bharat
Etv Bharat
আছু বনাম প্ৰাক্তন আছু

তেজপুৰ, ১২ জুন : ‘‘প্ৰাক্তন আছু আৰু বৰ্তমানৰ আছুৰ মাজত কোনো সংঘাত নাই ৷ অসমত লক্ষাধিক প্ৰাক্তন আছুকৰ্মীয়ে মৰ্যাদা সহকাৰে নিজস্ব বৃত্তিৰে জীয়াই আছে ৷ তেওঁলোক আৱেগিকভাৱে ছাত্ৰ সন্থাৰ সত্বাৰে জড়িত হৈ আছে ৷ বিভিন্ন সময়ত তেওঁলোকে দিহা-পৰামৰ্শকে ধৰি সহায় সাৰথি কৰি আহিছে ৷ আছুৰ সংগ্ৰাম তেওঁলোক অবিহনে আধৰুৱা ৷ তেনেস্থলত সংঘাত ক’ত সৃষ্টি হৈছে ?’’ দেওবাৰে তেজপুৰত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে আছুৰ সভাপতি উৎপল শৰ্মাই ৷

আছুৰ সভাপতিগৰাকীয়ে আৰু কয়, “ৰাজনৈতিক দললৈ গৈ নিৰ্বাচন খেলি পৰাজিত হৈ মুখ থেকেচা খাই ৰাইজে প্ৰত্যাখ্যান কৰা তথা ইটোৰ পিচত সিটো ৰাজনৈতিক দল বাগৰাৰ পিচতো যিসকলে স্থিৰতা লাভ কৰিব পৰা নাই, সেইসকলে সমাজত প্ৰতিষ্ঠাৰ বাবে হাবাথুৰি খাব লগীয়া হৈছে ৷ তেওঁলোকেহে এচাম প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মীক বিপথে পৰিচালিত কৰি সংগঠন খুলিবলৈ আৰম্ভ কৰিছে ৷ গতিকে তেওঁলোকৰ লগতহে ক’ৰবাত সংঘাতৰ সৃষ্টি হৈছে’’ ৷

ইয়াৰ লগতে আছু বনাম প্ৰাক্তন আছু সন্দৰ্ভত আছুৰ সভাপতি উৎপল শৰ্মাই কয়, “যদি একাংশই প্ৰাক্তন একাংশক লৈ দল-সংগঠন খুলিবলৈ যোজা চলাইছে, তাত ছাত্ৰ সন্থাৰ কোনো ধৰণৰ সহযোগ নাই ৷ ছাত্ৰ সন্থাৰ সৈতে এনেধৰণৰ কোনো কথা পতা হোৱা নাই ৷ মিছা কথা কৈ থকা হৈছে৷ এই ক্ষেত্ৰত ছাত্ৰ সন্থাই কাকো উৎসাহো নিদিয়ে, বৰঞ্চ পোষকতাও নকৰে’’ ৷

আনহাতে, যদিহে লুৰীণজ্যোতিয়ে নতুন সংগঠনৰ জন্ম দিয়ে, তেন্তে এই ক্ষেত্ৰত আছুৰ স্থিতি নমনীয় হ’ব নেকি বুলি সাংবাদিকে আছুৰ সভাপতি উৎপল শৰ্মাক প্ৰশ্ন কৰে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সভাপতি উৎপল শৰ্মাই কয়, ‘‘লুৰীণজ্যোতিয়ে নতুন সংগঠন খুলিব বিচৰা সন্দৰ্ভত ছাত্ৰ সন্থা জ্ঞাত নহয়৷ কিন্তু ছাত্ৰ সন্থাৰ স্থিতি স্পষ্ট যে কোনোবাই প্ৰাক্তন বুলি যদিহে দল-সংগঠনৰ জন্ম দিয়ে তেন্তে সেই ক্ষেত্ৰত ছাত্ৰ সন্থাই কোনো ধৰণেৰে উৎসাহ নজনায়’’ ৷

লগতে পঢ়ক : Sanghati Divas in Guwahati : চন্দ্ৰপুৰত আছুৰ ছাত্ৰ সংহতি দিৱস পালন; খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতি, পুতুল শইকীয়াক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.