তেজপুৰ,ডিচেম্বৰ ২৭ঃ সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যক বিচাৰি তেজপুৰত ঘৰে ঘৰে অভিযান আৰক্ষীৰ ৷ এই অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক নিতুল বৰাৰ ৷ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ সদস্যসকলেও একে অভিযোগ উত্থাপন কৰে ৷ ঘটনা সন্দৰ্ভত আছুৰ এটা দলে শুক্ৰবাৰে সন্ধিয়া উপস্থিত হয় তেজপুৰ সদৰ থানাত ৷
ইপিনে তেজপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অৰূপ তালুকদাৰক কোনো অচিনাক্ত দুৰ্বৃত্তই নিজ গৃহত ভাবুকি প্ৰদান কৰিছে ৷ উক্ত কাৰ্যক সদৌ অসম ছাত্ৰ সন্থাই গৰিহণা দিয়াৰ লগতে আৰক্ষীৰ ওচৰত নিৰাপত্তা দাবী কৰে ৷ তদুপৰি আছুৰ কোনো সদস্যক বিনা কাৰণত হাৰাশাস্তি নকৰিবলৈ আৰক্ষীক অনুৰোধ জনায় দলটোৱে ৷
ৰাজ্যজুৰি আছুৱে সম্পূৰ্ণ গণতান্ত্ৰিক আন্দোলন চলাই থকা সময়ত এইদৰে আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ বাবে ধিক্কাৰ দিছে ৷ দলটোৱে ঘটনা সংক্ৰান্তত তেজপুৰৰ সাংসদ পল্লৱলোচন দাসক সতৰ্ক কৰি দিয়ে ।
লগতে চাওকঃএজাক সৰিয়হফুলীয়া সপোন !