ETV Bharat / state

আছুৱে আবদ্ধ কৰিলে এনএইছপিচিৰ সামগ্ৰী ভৰ্তি ট্ৰাক

বালিপৰাত আছুৱে আবদ্ধ কৰিলে গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পলৈ সামগ্ৰী কঢ়িওৱা দুখনকৈ ট্ৰাক ৷ যাৰ ফলত উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷

lower subansiri big dam
lower subansiri big dam
author img

By

Published : Jul 12, 2020, 5:05 AM IST

ৰঙাপৰা, 11 জুলাই : যি সময়ত ৰাজ্যখনৰ একাংশ দল-সংগঠনে নদী বান্ধৰ তীব্ৰ বিৰোধিতা কৰি আহিছে ঠিক তেনে সময়তে শনিবাৰে বালিপৰাত আছুৱে আবদ্ধ কৰিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প লৈ বৃহৎ সামগ্ৰী (যন্ত্ৰাংশ ) কঢ়িয়াই নিয়া দুখনকৈ ট্ৰাক। লক ডাউনৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি এনএইছপিচি লৈ কঢ়িয়াই নিছিল বৃহৎ সামগ্ৰীসমূহ। গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পলৈ সামগ্ৰী কঢ়িয়াই নিয়া গাড়ী আহি থকাৰ খবৰ পোৱা মাত্ৰকে শোণিতপুৰ জিলা আছু, অসম সেনাৰ প্ৰতিনিধিৰ লগতে সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ সদস্যসকলে বালিপৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক দুখন আবদ্ধ কৰি ৰাখে।

পিচত আছুৰ কৰ্মীসকলে এনএইছপিচি গ'বেক, মোদী চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে লখিমপুৰ-ধেমাজি অভিমুখে যন্ত্ৰাংশ কঢ়িওৱা এনএইছপিচি ট্ৰাক দুখন আৱদ্ধ কৰে। ইফালে ঘটনাৰ খবৰ পিচতেই চাৰিদুৱাৰ আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পাচত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৷

আছুৱে আবদ্ধ কৰিলে এনএইছপিচিৰ সামগ্ৰী ভৰ্তি ট্ৰাক

আছুৰ নেতৃত্বত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদকাৰী সকলে ৰাজপথত বহি সামগ্ৰী কঢ়িওৱা বাহনখন আবদ্ধ কৰি ৰাখে। কোনো কাৰণতে গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পলৈ ট্ৰাক দুখন যাবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। জলবিদ্যুৎ প্ৰকল্পলৈ সামগ্ৰী কঢ়িয়াই নিয়া ট্ৰাক দুখন পুনৰ ঘূৰাই পঠাবলৈ প্ৰশাসনক দাবী জনায় আছুকে ধৰি দল-সংগঠনসমূহে। লক ডাউনৰ সুযোগ গ্ৰহণ কৰি বিজেপি চৰকাৰে গোপনে সামগ্ৰী সমূহ নিয়াৰ পৰিকল্পনা কৰিছিল বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে।

লগতে পঢ়ক : অসমৰ ভূমিত পুনৰ নগাৰ আগ্ৰাসন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.