ৰঙাপৰা, ২৯ এপ্ৰিল : পখিলা খেদাৰ বয়সতে শয্যাশায়ী এটি কণমানি । শোণিতপুৰ জিলাৰ মিছামাৰীৰ নবিল পথাৰ গাঁৱৰ কণমানিটোৰ এনে অৱস্থা দেখি চিন্তিত পৰিয়াল লগতে গাঁওবাসী । সাত বছৰীয়া কণমানিটো সুস্থ হৈ উঠিবলৈ উন্নত চিকিৎসাৰ প্ৰয়োজন । কিন্তু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ বাবে কণমাণিটোৰ চিকিৎসাৰ ব্যয় বহন কৰাটো অসম্ভৱ ।
উল্লেখ্য যে, কণমানিটো হৈছে ভৰত বিশ্বকৰ্মা আৰু পূজা বিশ্বকৰ্মাৰ একমাত্ৰ কন্যা সন্তান ইচিতা বিশ্বকৰ্মা । ডেৰ বছৰ বয়সত নিউমনিয়াত আক্ৰান্ত হৈছিল ইচিতা (Isita Vishwakarma of Misamari suffers from incurable disease)। তেজপুৰ মিছন হাস্পতালত পিতৃ-মাতৃয়ে ইচিতাক চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল । কিছু সুস্থ হোৱাত ইচিতাক ঘৰলৈ অনা হৈছিল যদিও তেতিয়াৰে পৰা তেওঁ চলাচল কৰিব নোৱাৰে (A little girl of Misamari suffering from incurable disease)।
দৰিদ্ৰ পৰিয়ালটোৱে তেজপুৰ-গুৱাহাটীৰ কেইবাখনো চিকিৎসালয়ত ইচিতাৰ চিকিৎসা কৰাইছিল যদিও আজিলৈকে আৰোগ্য লাভ নকৰিলে । সম্প্ৰতি আনৰ সহায় নোহোৱাকৈ থিয় হৈ থাকিব নোৱাৰে ইচিতাই । উন্নত চিকিৎসাৰ অন্তত কণমানিজনী সুস্থ হৈ উঠিব বুলি বহুতে দাবী কৰিছে । কিন্তু উন্নত চিকিৎসাৰ বাবে ধনৰ অভাৱ দিন হাজিৰা কৰা পৰিয়ালটোৰ (Isita's family seeks financial assistance)।
সেয়ে আৰ্থিক সহায়ৰ বাবে চৰকাৰ তথা হৃদয়বান ব্যক্তিৰ ওচৰত প্ৰাৰ্থনা জনাইছে ইচিতাৰ পৰিয়ালে (Parents pray for help in treating bedridden daughter)। ইফালে দৰিদ্ৰ পৰিয়ালটোৱে আজিলৈ চিকিৎসাৰ ক্ষেত্ৰত কোনো চৰকাৰী সাহায্য লাভ নকৰাৰো অভিযোগ কৰিছে ।
লগতে পঢ়ক :বিহালী প্ৰেছ ক্লাৱৰ বৰ্ষযোৰা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন