ETV Bharat / state

শোণিতপুৰত জীয়া ভৰলীত উদ্ধাৰ আঢ়ৈমহীয়া বনৰীয়া হাতী পোৱালী - হাতী পোৱালী

উদ্ধাৰৰ পাচত বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ পোৱালিটোক

শোণিতপুৰত উদ্ধাৰ আঢ়ৈমহীয়া বনৰীয়া হাতী পোৱালী
author img

By

Published : Mar 28, 2019, 5:51 PM IST

শোণিতপুৰ, ২৮ মাৰ্চঃ বৃহস্পতিবাৰে শোণিতপুৰৰ জীয়া ভৰলী নদীত উদ্ধাৰ হয় এটা আঢ়ৈমহীয়া বনৰীয়া হাতী পোৱালী । বনৰীয়া হাতীৰ এটা জাকে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ কৰিবলৈ আহি উদ্যানখনৰ মাজেৰে বৈ যোৱা জীয়াভৰলী নৈখন পাৰ হোৱাৰ সময়তে কনমানি হাতী পোৱালিটো পানীত পৰি যোৱাৰ সন্দেহ প্ৰকাশ কৰে বনবিভাগৰ লোকে । পাছত হাতীপোৱালিটোক পানীত উপঙি থকা অৱস্থাত বনবিভাগৰ লোকে প্ৰত্যক্ষ কৰে আৰু পোৱালিটোক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে।

শোণিতপুৰত উদ্ধাৰ আঢ়ৈমহীয়া বনৰীয়া হাতী পোৱালী

চিকিৎসা প্ৰদানৰ পাছত সুস্থ হৈ উঠা হাতীপোৱালিটোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰীত থকা বন্যপ্ৰাণীপুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ।

Intro:শোণিতপুৰৰ জীয়া ভৰলী নদীত কনমানি হাতী পোৱালী উদ্ধাৰ।Body:শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ সমীপৱৰ্তী নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে বৈ যোৱা জীয়াভৰলী নদীৰ পাৰত আজি এটি আঢ়ৈমহীয়া বনৰীয়া হাতী পোৱালী উদ্ধাৰ হয়। নামেৰীত বিচৰণ কৰি থকা বনৰীয়া হাতীৰ জাকটো ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে বৈ যোৱা জীয়াভৰলী নৈখন পাৰ হোৱাৰ সময়ত কনমানি হাতী পোৱালিটো উটি আহে। পাছত নদীখনৰ পাৰত বনৰীয়া হাতীৰ পোৱালিটো ৰৈ থকা প্ৰত্যক্ষ কৰে বন বিভাগৰ লোকে। হাতীৰ পোৱালিটো বন বিভাগে উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰীত থকা বন্যপ্ৰানী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে। উদ্ধাৰ হোৱা বনৰীয়া হাতীৰ পোৱালিটো বৰ্তমান সুস্থ বুলি বন বিভাগে জানিবলৈ দিয়ে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.