ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ নামেৰে নামাংকৃত এটি শিশু - স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

শোণিতপুৰৰ ৰঙাপাৰাত এটি সদ্য নৱজাত শিশুক লৈ ব্যাপক চৰ্চা ৷ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উক্ত স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত থকা বাবে শিশুটিৰ নাম হিমন্ত তাঁতী ৰখাক লৈ চৰ্চা ৷

হিমন্ত বিশ্ব শৰ্মাৰ নামেৰে নামাংকৃত এটি শিশু
author img

By

Published : Oct 14, 2019, 3:56 AM IST

ৰঙাপৰা, 13 অক্টোবৰঃ শোণিতপুৰৰ ৰঙাপাৰাত এটি সদ্য নৱজাত শিশুক লৈ ব্যাপক চৰ্চা ৷ 10 অক্টোবৰৰ দিনা ৰঙাপৰাৰ নাহৰনী চাহ বাগিচাৰ নিৱাসী সঞ্জয় তাঁতীৰ পত্নী দৈমতী তাঁতীয়ে নাহৰনী চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰত পুত্ৰ সন্তান এটি জন্ম দিয়া ঘটনাই সমগ্ৰ অঞ্চলজুৰি লাভ কৰিছে ব্যাপক চৰ্চা ৷ কিয়নো সেই সময়ত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উক্ত স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত আছিল ৷ স্বাস্থ্যমন্ত্ৰীজন শিশুটিৰ জন্মৰ সময়ত উপস্থিত থকা বাবে শিশুটিৰ পিতৃ-মাতৃয়ে তাৰ নাম হিমন্ত তাঁতী ৰখা বুলি মন্ত্ৰীজনক অৱগত কৰিলে ৷ উল্লেখ্য যে শিশুটিৰ জন্মৰ সময়ত কৰা কান্দোন শুনি স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা থমকি ৰৈছিল, এই ঘটনাই সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে ৰঙাপাৰা অঞ্চলত ৷

Intro:ৰঙাপৰাত জন্ম পোৱা এটা শিশুক লৈ চলিছে ব্যাপক চৰ্চাBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত যোৱা ১০ অক্টোবৰত এটি শিশুৰ জন্ম হৈছিল। সাধাৰণ ভাৱে জন্ম লাভ কৰা দেৱ শিশুটিক লৈ সম্প্ৰতি ৰঙাপৰাত ব্যাপক চৰ্চা অব্যাহত আছে। ৰঙাপৰাৰ নাহৰনী চাহ বাগিচাৰ নিৱাসী সঞ্জয় তাঁতীয়ে উক্ত দিনা পুৱা ৮ মান বজাত গৰ্ভৱতী দৈমতী তাঁতীক চিকিৎসালয়খনত ভৰ্তি কৰাইছিল। প্ৰসৱ বেদনাত ভুগি থকা দৈমতীক চিকিৎসক আৰু নাৰ্ছসকলে লগে লগে প্ৰসূতি কোঠালৈ লৈ যায়। তেতিয়া সময় ঠিক ৯-৩০ বাজিছিল। প্ৰসূতি কোঠাৰ পৰা এটি সদ্যজাত শিশুৰ কান্দোনত ৰজনজনাই গল চিকিৎসালয়খনৰ চৌহদটি। তেনে সময়ত চিকিৎসালয়খনত উপস্থিত হৈছিল স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। শিশুটিৎ কান্দোন শুনি হিমন্ত বিশ্ব শৰ্মা থমকি ৰয়। নৱজাতকৰ পিতৃ গৰাকীয়ে দৌৰি আহি কয়- ছাৰ মোৰ পত্নী দৈমতীয়ে এটি পুত্ৰ সন্তান জন্ম দিছে। আপুনি অহাৰ সময়তে শিশু জন্ম হোৱা বাবে আপোনাৰ নামেৰে নামটো ৰাখিলোঁ। পিতৃ-মাতৃয়ে নাম থলে হিমন্ত তাঁতী। বৰ্তমান শিশুটি সুস্থ অৱস্থাত আছে। মন্ত্ৰীজনৰ নামটো ভাল লগা বাবেই হিমন্ত তাঁতী ৰখা হল। উল্লেখ্য যে, ১০ অক্টোৱৰত নাহৰনী চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰটি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা।সময়ত শিশু টিৰ জন্ম হৈছিল আৰু সম্প্ৰতি শিশুটিক ব্যাপক চৰ্চা চলিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.