ETV Bharat / state

অষ্টম দিনাও সন্ধান নাই নিৰুদ্দিষ্ট AN-32 বিমানৰ - Menchukha

বিগত 3 জুনৰ পৰাই সন্ধানহীন হৈ আছে বায়ুসেনাৰ AN-32 বিমানখন ৷ যোৰহাটৰ পৰা অৰুণাচলৰ মেচুকালৈ উৰা মৰাৰ পিছৰ পৰাই আজিলৈকে সন্ধানহীন হৈ আছে বিমানখন ৷

AN 32 বিমান
author img

By

Published : Jun 10, 2019, 1:21 PM IST

তেজপুৰ, 10 জুনঃ যোৰহাটৰ পৰা অৰুণাচললৈ বুলি উৰা মৰা বায়ু সেনাৰ AN-32 বিমানৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে উদ্ধাৰকাৰী বাহিনী ৷ ছিয়াং জিলাৰ কায়িং আৰু পায়ুমৰ মাজত বিমানখনৰ ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন ঘটিছিল ৷ বিমানখন ভূপতিত হোৱা বুলি সন্দেহ কৰা ঠাইখিনি ডাঠ হাবিৰে আৱৰা হোৱাৰ বাবেই এইদৰে অষ্টম দিনাও বিমানখনৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে উদ্ধাৰকাৰী বাহিনী ৷

অষ্টম দিনাও সন্ধান নাই নিৰুদ্দিষ্ট AN 32 বিমানৰ

অধিক পঢ়কঃ AN 32 সন্ধানঃ সাতদিনেও সন্ধান নাই বায়ুসেনাৰ অভিশপ্ত নিৰুদ্দিষ্ট বিমানৰ

বায়ুসেনাই ইতিমধ্যেই সমগ্ৰ অঞ্চলটো ইলেকট্ৰ'নিক,ইলেকট্ৰ-অপ্টিকেল,ৰাডাৰ আৰু ইনফ্ৰাৰেদ চেন্সৰ ব্যৱহাৰ কৰি উদ্ধাৰ কাৰ্য চলাইছে ৷ টাৰেইন স্কেনিং ডিভাইছযুক্ত নৌসেনাৰ P8I বিমানৰ উপৰিও ইছৰোৰ ৰাডাৰ ইমেজিং ছেটেলাইট(ৰিছাট) আৰু কাৰ্টোছাট উপগ্ৰহৰে সমগ্ৰ অঞ্চলটো স্কেন কৰা হৈছে ৷ কিন্তু বৰ্তমানেও কোনো ধাতৱ পদাৰ্থ বিছাৰি উলিওৱাত ব্যৰ্থ হৈছে উদ্ধাৰকাৰী বাহিনী ৷ ইয়াৰ উপৰিও বিমানখনত থকা ইমাৰজেন্সি লোকেটৰ ট্ৰান্সমিটাৰ বিকনছৰ পৰা ৰেডিঅ' ছিগনেল লাভ কৰাটো ব্যৰ্থ হৈছে উদ্ধাৰকাৰী বাহিনী ৷

অধিক পঢ়কঃ ক'ত হেৰাল বায়ুসেনাৰ AN 32ৰ বিমান ?

আনহাতে বতৰৰ প্ৰতিকূলতাৰ বাবে বায়ুসেনাৰ বিমান তথা হেলিকপ্টাৰ আৰু কোৱাডকপ্টাৰৰ লগতে ইউএভিৰ চালনাটো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী বাহিনী ৷ উদ্ধাৰকাৰ্যত বায়ুসেনাৰ পাইলটে হেলমেট মাউন্টেদ নাইট ভিজন ডিছপ্লেৰ লগতে ইনফ্ৰাৰেদ স্কোপছ আৰু থাৰ্মেল ইমেজাৰ ব্যৱহাৰ কৰিছে যদিও সকলো ব্যৰ্থ হৈছে ৷

অষ্টমদিনা উদ্ধাৰ অভিযানত অংশ লৈছে বায়ুসেনাৰ MI-17 হেলিকপ্টাৰে ৷ আল'ৰ বায়ুসেনা শিৱিৰৰ পৰা তাটু আৰু খাম্বা পাহাৰলৈ উৰা মাৰিছে ৷ ইতিমধ্যে মেচুকা,আল',তাটু আৰু খাম্বাত উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে সেনাকে ধৰি আইটিবিপি আৰু অৰুণাচলৰ অসামৰিক প্ৰশাসনৰ লগতে স্থানীয় লোকে ৷

NB : DESK PLZ MARK ALL PIX .
Exclusive video and Pix .
REGARDS.

৮ ম দিনাৰ  বায়ুসেনাৰ উদ্ধাৰ  অভিযান  MI-17 অৰুনাচলত  নিৰুদিষ্ট বায়ু সেনাৰ AN-32 বিমানৰ : স্থল সেনা, আই টি বি পি স্থানীয় লোকৰ অভিযান অব্যাহত ৷
১৯২ ঘন্টাৰ পিছতো সন্ধান নাই বায়ুসেনাৰ মালবাহী বিমান 

তেজপুৰ ,০৯ জুন : ভাৰতীয় বায়ু সেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুনাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশিলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী জাহাজৰ উদ্ধাৰৰ বাবে বায়ু সেনাৰ MI-17 হেলিকপ্তাৰ আল'ৰ বায়ুসেনা শিৱিৰৰ পৰা উৰা মাৰিছে তাটু আৰু খাম্বা পাহাৰৰ অঞ্চললৈ ৷ তাটু পাহাৰ  খাম্আবা ৰু মেচুকাৰ মাজত  আজি বতৰ যথেষ্ট ফৰকাল ৷ এই তথ্য  সদৰি কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং  কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷
(Pix : Aalo air field MI -17 for SAR operation )

উল্লেখযোগ্য মেচুকা আৰু আল'ৰ মাজত থকা কায়ংৰ অতব্য অৰণ্যত স্থানীয় লোক সেনা বাহিনীৰ লগত অভিযানত বিভিন্ন সেনা বাহিনীৰ লোক আৰু স্থানীয় লোক নিয়োজিত হৈছে  ৷  আল'ৰ পৰা কায়ঙৰ মাজত দুৰত্ব ৪৫ কিঃ মিঃ আৰু মেচুকাৰ পৰা কায়ংলৈ ১৪০ কিঃ মিঃ ৷ আনহাতে আল'ৰ পৰা তাটু লৈ ২০ কিঃমিঃ আৰু খাম্বালৈ ৯০ কিঃমিঃ আৰু মেচুকালৈ ১৫০ কিঃমিঃ দুৰত্ব ৷ বায়ু সেনাৰ মালবাহী জাহাজ এন্টনোভ AN-32 বিমানখন ৪ জন ফ্লাইট লেফ্টেনেনত , ১ উইং কামাণ্ডাৰ ,১ ছাজেন্ট 
লেফ্টেনেনত, ১ ছাৰজেন্ট,১ কৰপৰেল, উইং অফিচাৰ ১, লিডিং এয়াৰ ক্ৰাফ্ট মেন ২ জন আৰু নন্ কমবেটেন্ট ইঞ্জিনিয়াৰ ২ আছিল 

দুৰভগীয়া বায়ুসেনাৰ জাহাজ খন ৰ সন্ধানৰ বাবে মেচুকা আৰু আল'ৰ মাজত থকা দুৰ্গম পাহাৰৰ তলত অভিযান চলাইছে ৷
মেচুকাৰ পৰা প্ৰয় ৭০ কি ঃমিঃ দুৰত্বত চীন সীমান্ত আৰু বৰফৰে আবৃত্ত সমগ্ৰ পাহাৰ , তাৰ মাজত এই দৰজিলিং পাহাৰৰ নামনী অঞ্চলত ৷

 যোৱা সোমবাৰে ভাৰতীয় বায়ু সেনাৰ এই AN -32 বিমান খনে যোৰহাটৰ পৰা ভাৰত চীন সীমান্ত অৰুনাচল প্ৰদেশৰ পূৱ দিশে মেচুকালৈ মুঠ ১৩ বায়ুসেনাৰ বিষয়াৰ সৈতে দৈনন্দিন অনুশিলনৰ বাবে গৈছিল আৰু দিনৰ ১২:২৫ যোৰহাট বায়ুসেনা বাহিনীৰ পৰা উৰামৰাৰ ৩৫ মিনিট পিছত অৰ্থাৎ ১:০০ বজাত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচিন্ন হৈছিল ৷

Pranab kumar Das, Tezpur 10/6/17

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.