ETV Bharat / state

Arunachal avalanche: হিমস্খলনত মৃত্যু হোৱা ভাৰতীয় সেনাৰ 7 জোৱানৰ মৃতদেহ উদ্ধাৰ - অৰুণাচল প্ৰদেশৰ কামেঙ

অৰুণাচল প্ৰদেশৰ কামেঙত উদ্ধাৰ সাতজন ভাৰতীয় সেনাৰ মৃতদেহ ৷ প্ৰচণ্ড হিমস্খলনৰ ফলত আবদ্ধ হৈ পৰা সেনা জোৱানকেইজনৰ সন্ধানত সোমবাৰৰ পৰা চলাই থকা হৈছিল উদ্ধাৰ অভিযান (7 Indian Army trooper killed during avalanche in Arunachal, bodies recovered) ৷

হিমস্খলনত মৃত্যু হোৱা ভাৰতীয় সেনাৰ 7 জোৱানৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Feb 8, 2022, 5:57 PM IST

Updated : Feb 8, 2022, 9:23 PM IST

তেজপুৰ, ৮ ফেব্ৰুৱাৰী: সমাপ্ত হ’ল অৰুণাচল প্ৰদেশৰ কামেঙত নিৰুদ্দিষ্ট হোৱা ভাৰতীয় সেনাৰ ৭ জন জোৱানৰ সন্ধানত চলোৱা উদ্ধাৰ অভিযান ৷ অভিযান কালত উদ্ধাৰ হ’ল ভাৰতীয় সেনাৰ সাতটা মৃতদেহ হোৱা বুলি জানিবলৈ দিছে প্ৰতিৰক্ষা পিআৰঅ' লেফটেনেণ্ট কৰ্ণেল হৰ্ষ ৱাৰেহাম লেন্সে (7 Indian Army trooper killed during avalanche in Arunachal, bodies recovered) ৷ ৬ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত কৰ্মৰত অৱস্থাত সাতজন ভাৰতীয় সেনা হিমস্খলনৰ ফলত আঘাতপ্ৰাপ্ত হৈছিল ৷

ভূপৃষ্ঠৰ পৰা ১৪৫০০ ফুট উচ্চতাত প্ৰচণ্ড তুষাৰপাতত আবদ্ধ হৈ পৰা ভাৰতীয় সেনাৰ দলটোৰ সন্ধানত সোমবাৰৰ পৰা অব্যাহত ৰখা হৈছিল উদ্ধাৰ অভিযান (High Altitude area of Kameng Sector in Arunachal Pradesh) ৷ তদুপৰি এন ডি আৰ এফ ৰ তিনিজনীয়া উন্নত প্ৰযুক্তিৰ কাৰিকৰী দল সাজু কৰি ৰখা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে এয়াৰ লিফ্ট কৰিব পৰা নাছিল ।

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডে জনায় যে, প্ৰচণ্ড তুষাৰপাতৰ মাজত আবদ্ধ হৈ পৰা ভাৰতীয় সেনাৰ এটা ৭ জনীয়া তহলদাৰী দলটোক উদ্ধাৰৰ বাবে ভাৰতীয় সেনাৰ তৰফৰ পৰা উদ্ধাৰকাৰী দল প্ৰেৰণ কৰাৰ লগতে এয়াৰলিফ্টৰে অতিৰিক্ত সেনা বাহিনীৰ লোকক প্ৰেৰণ কৰা হৈছিল ।

উল্লেখ্য যে, সীমান্ত অঞ্চলৰ পশ্চিম অৰুণাচল প্ৰদেশৰ কামেংচেক্টৰৰ তিনিখন জিলাতে প্ৰচণ্ড তুষাৰপাত হোৱাৰ ফলত ফলত সাধাৰণ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছিল । আনহাতে সীমান্ত অঞ্চলত অতিমাত্ৰা তুষাৰপাত হোৱাৰ ফলত উদ্ধাৰ অভিযানতো যথেষ্ট ব্যাঘাত আহি পৰিছিল ।

  • Deeply saddened by the loss of lives of 7 brave Indian Army Jawans, who were trapped in an avalanche in Arunachal Pradesh.

    My deepest condolences to the bereaved families on their tragic loss. May God give them enough strength to bear the irreparable loss. #OmShanti

    — Pema Khandu པདྨ་མཁའ་འགྲོ་། (@PemaKhanduBJP) February 8, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷ টুইটযোগে শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: চিৰাঙৰ ৰাজপথত সাংবাদিকক প্ৰহাৰ কৰি বীৰত্ব প্ৰদৰ্শন আৰক্ষী জোৱানৰ

Last Updated : Feb 8, 2022, 9:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.