ETV Bharat / state

শোণিতপুৰৰ পৰা 558 জন লোক নিজ বাসগৃহলৈ গমণ

শনিবাৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ তৰফৰ পৰা বাছৰ ব্যৱস্থা কৰা হেতুকে তেজপুৰৰ পৰা ৩৩ খন বাছত মুঠ ৫৫৮ জন লোক নিজ বাসগৃহলৈ যাবলৈ সাজু হৈছে ৷ তেজপুৰ কনকলতা চিভিল হাস্পতালত লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত দুপৰীয়া 12 বজাৰ পৰা নিজ নিজ ঘৰলৈ যাত্ৰা আৰম্ভ কৰে ৷

শোণিতপুৰৰ পৰা 558 জন লোক নিজ বাসগৃহলৈ গমন

author img

By

Published : Apr 25, 2020, 2:00 PM IST

তেজপুৰ, 25 এপ্ৰিল: অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি অসমৰ বিভিন্ন জিলাত কৰ্মৰত লোকসকলৰ নিজৰ জিলাত যাবলৈ শনিবাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ তৰফৰ পৰা বাছৰ ব্যৱস্থা কৰা হৈছে । সেয়েহে তেজপুৰৰ পৰা ৩৩ খন বাছত মুঠ ৫৫৮ জন লোক বিভিন্ন জিলাৰ নিজ বাসগৃহলৈ যাবলৈ সাজু হৈছে ।

শোণিতপুৰৰ পৰা 558 জন লোক নিজ বাসগৃহলৈ গমন
বাছসমূহত যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে তেজপুৰ কনকলতা চিভিল হাস্পতালত লোকসকলৰ স্বাস্থ্যৰ পৰীক্ষা কৰা হয় ৷ হাস্পতালখনৰ চিকিৎসকসকলে দুটা ভাগত বিভক্ত হৈ পৃথকে পৃথকে যাত্রীসকলৰ পৰীক্ষা কৰি বাছত প্ৰৱেশৰ অনুমতি দিয়ে বুলি চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰিণী দুৱৰাই জানিবলৈ দিয়ে ৷আনহাতে,জিলা পৰিবহন বিভাগৰ মুৰব্বী অজয় ডেকাই জনোৱা মতে,শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ চহৰৰ পৰা নলবাৰীলৈ 2 খন,কামৰূপ গ্ৰাম্যলৈ 3 খন, কামৰূপ মেট্ৰ’লৈ 9 খন,লখিমপুৰলৈ 7 খন,গোলাঘাটলৈ 3 খন,বাক্সালৈ এখন,নগাঁৱলৈ 5 খন,মৰিগাঁৱলৈ 1 খন আৰু দৰঙলৈ 2 খন পৰিবহন নিগমৰ বাছৰ ব্যৱস্থা কৰা হৈছে । এই বাছসমূহে দুপৰীয়া 12 বজাৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু যাত্ৰীসকলক নিজ ঘৰত নমাই থৈ পুনৰ নিজ জিলালৈ ঘূৰি আহিব । লগতে পঢ়ক : এজাক বৰষুণতে কলগাছিয়াত কৃত্ৰিম বানপানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.