ETV Bharat / state

51তম মৃত্যু বাৰ্ষিকীত স্মৰণ নটসূৰ্য ফণী শৰ্মাক - লাচিত বৰফুকন

আজি নটসূৰ্য ফণী শৰ্মাৰ 51তম মৃত্যু বাৰ্ষিকী ৷ মৃত্যু বাৰ্ষিকীত সাংস্কৃতিক জগতৰ অন্যতম কাণ্ডাৰী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে স্থানীয় লোকে ৷

নটসূৰ্য ফণী শৰ্মা
নটসূৰ্য ফণী শৰ্মা
author img

By

Published : Jul 31, 2020, 5:36 PM IST

তেজপুৰ, 31 জুলাই: আজি নটসূৰ্য ফণী শৰ্মাৰ 51তম মৃত্যু বাৰ্ষিকী ৷ মৃত্যু বাৰ্ষিকীত সাংস্কৃতিক জগতৰ অন্যতম কাণ্ডাৰী গৰাকীকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে স্থানীয় লোকে ৷ 1910 চনত তেজপুৰৰ কলিবাৰীত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে নাট্যকাৰ হিচাপে সকলোৰে মাজত পৰিচিত হৈ পৰে 1948 চনত চিৰাজ, 1955 চনত পিয়লি ফুকন নাটকত সফল নাট্যাভিনয়ৰ পাচতে ৷ অসমীয়া নাট্যজগতৰ প্ৰতি ফণী শৰ্মাৰ অৱদানক সন্মান জনাই তেখেতক প্ৰদান কৰা হৈছিল নটসূৰ্য উপাধি ৷ প্ৰথম অসমীয়া বোলছবি জয়মতীকে ধৰি দেৱদাস,ইন্দ্ৰমালতী, লাচিত বৰফুকন, মনিৰাম দেৱান আদি বহু ঐতিহাসিক অসমীয়া বোলছবিয়ে বহন কৰিছে তেওঁৰ অভিনয় জীৱনৰ সাক্ষ্য ৷ এগৰাকী অভিনেতাৰ লগতে তেওঁ আছিল এগৰাকী সফল পৰিচালকো ৷ কিন্তু মৃত্যুৰ 51 বছৰ অতিক্ৰম কৰাৰ পাচতো আজিলৈকে নিৰ্মাণ নহ'ল ফণী শৰ্মাৰ সমাধিক্ষেত্ৰ৷ ইয়াকে লৈ দুখ প্ৰকাশ কৰিছে তেওঁৰ পৰিয়ালৰ লোকে ৷ বহু চৰকাৰ আহিল আৰু গ'ল ৷ কিন্তু বিশিষ্ট নাট্যকাৰ গৰাকীৰ সমাধিক্ষেত্ৰ নিৰ্মাণৰ কাম প্ৰতিশ্ৰুতি হৈয়েই ৰ'ল ৷

51তম মৃত্যু বাৰ্ষিকীত স্মৰণ নটসূৰ্য ফণী শৰ্মাক

বিগত বৰ্ষতো নাট্যকাৰ গৰাকীৰ সমাধিস্থল নিৰ্মাণৰ বাবে 1 কোটি টকা অনুমোদন দিয়া হৈছিল বুলি উল্লেখ কৰাৰ বিপৰীতে শুকুৰবাৰেও তেওঁৰ মৃত্যু বাৰ্ষিকীত অনুৰূপ কথাই দোহাৰিলে জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে ৷ ইতিমধ্যে নটসূৰ্যৰ সমাধিক্ষেত্ৰ উন্নয়নৰ প্ৰকল্প প্ৰস্তুতিৰ বাবে যো-জা চলাই থকা হৈছে বুলিও উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে ৷ আগন্তুক 1-2 বছৰৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব বুলিও কয় তেওঁ ৷ চলিত বছৰৰ পৰাই আৰম্ভ হ'ব প্ৰকল্পটোৰ কাম ৷ কিন্তু কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে কেইমাহ মানৰ বাবে এই আঁচনি ৰূপায়নৰ কামত পলম হৈছে বুলিও জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷

নটসূৰ্য ফণী শৰ্মা
নটসূৰ্য ফণী শৰ্মা

উল্লেখ্য যে, নটসূৰ্যৰ মৃত্যু তিথিৰ বাবে আজি বাণ থিয়েটাৰত অনুষ্ঠিত কৰা অসম চৰকাৰৰ সংস্কৃতিক বিভাগৰ নটসূৰ্য ফণী শৰ্মা বঁটা বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বিশিষ্ট নাট্যকাৰ তথা লেখক ঐশ্বৰ্য্য কাকতি আৰু ভবেশ বৰুৱাক প্ৰদান কৰা হ'ব 2020 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা সোঁৱৰণী বঁটা ৷

লগতে পঢ়ক: অচল তুলসীবাৰীস্থিত বৃহৎ বস্ত্ৰ উদ্যোগ, ক্ষুব্ধ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.