তেজপুৰ,১ জুন : শোণিতপুৰ জিলাত পুনৰ পাঁচ জনৰ ব্যক্তিৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । বহিঃৰাজ্যৰ পৰা আহি হোটেল কোৱাৰেন্টাইন হৈ থকা ৫ জনকৈ ব্যক্তিৰ দেহত পোৱা গৈছে কৰ'ণাৰ উপস্থিতি ।
এহাল স্বামী-স্ত্ৰী বিগত ২৯ মে'ত মুম্বাইৰ পৰা বিমানযোগে আহি হোটেল ডি,এল ত কোৱাৰেন্টাইন হৈ থকাৰ বিপৰীতে কৰ'ণা আক্ৰান্ত আন এজন ব্যক্তি দিল্লীৰ পৰা বিমানত আহি দ্ৰুৱা হোটেলত কোৱাৰেন্টাইন হৈ আছিল ।
আনহাতে, চেন্নাইৰ পৰা বিগত ২৫মে'ত ৰে'লযোগে গুৱাহাটীত উপস্থিত হৈ বাছযোগে তেজপুৰলৈ আহি অম্বৰ হোটেলত কোৱাৰেন্টাইন হৈ আছিল আন এজন কৰ'ণা আক্ৰান্ত লোক । এই আটাইকেইজন কৰ'ণা আক্ৰান্ত ব্যক্তিক স্বাস্থ্য বিভাগে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।
ইয়াৰ বিপৰীতে, তেজপুৰত পুনৰ আৰু এজনৰ দেহত COVID-19ৰ সংক্ৰমনৰ তথ্য সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰীয়ে । বিহাৰৰ পৰা ৰে'লযোগে অহা এজন ব্যক্তি আক্ৰান্ত কৰ'ণাত ৷ উল্লেখ্য যে, শোণিতপুৰত বৰ্তমান পৰ্যন্ত ১৯ জনলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা । তাৰোপৰি তেজপুৰ মেডিকেল কলেজত ৩১ মে' পৰ্যন্ত মুঠ ১২৪৫০ জন ব্যক্তিৰ COVID-19ৰ পৰীক্ষা সম্পন্ন কৰা হয় ।