ETV Bharat / state

জামুগুৰিহাটত চৰকাৰী ভূমিত বাস কৰা 40 টা পৰিয়ালক উচ্ছেদ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত চৰকাৰী ভূমি অবৈধ ভাৱে দখল কৰি ঘৰ সজা লোকসকলৰ ভূমি উচ্ছেদ শোণিতপুৰ জিলা প্ৰশাসনৰ ৷

40 families evicted in jamugurihat
জামুগুৰিহাটত চৰকাৰী ভূমিত বাস কৰা 40 টা পৰিয়ালক উচ্ছেদ
author img

By

Published : Mar 6, 2020, 9:21 AM IST

চতিয়া,6 মাৰ্চঃ শোণিতপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ জামুগুৰিহাটত চৰকাৰী ভূমি অবৈধভাৱে দখল কৰা ৪০ টা পৰিয়ালক উচ্ছেদ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে। শোণিতপুৰ জিলা প্ৰশাসনে কৰা উচ্ছেদ অভিযানক লৈ বৃহস্পতিবাৰৰ পুৱাৰ পৰাই যুদ্ধ কালীন তৎপৰতা চলোৱা পৰিলক্ষিত হয় ৷ এই উচ্ছেদ অভিযানত নিয়োজিত কৰা হয় প্ৰায় দুশৰো অধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান ৷ পুৱাই জিলা প্ৰশাসনৰ এক বৃহৎ দল জামুগুৰিহাটৰ লালেটাপুত, দীঘলীচাপৰি আৰু চিৰুৱানীত উপস্থিত হৈ জেচিবিৰ সহায়ত এটাৰ পাছত আন এটা বেদখলকাৰীৰ গৃহ উচ্ছেদ কৰে ৷ জামুগুৰিহাটৰ চৰ অঞ্চলত থকা চৰকাৰী ভূমি অবৈধ ভাৱে দখল কৰি খিলঞ্জীয়াৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই অবৈধ বেদখলকাৰী সকলক প্ৰশাসনে উচ্ছেদ চলোৱা কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰিছে সচেতন মহলে ৷

জামুগুৰিহাটত চৰকাৰী ভূমিত বাস কৰা 40 টা পৰিয়ালক উচ্ছেদ

লগতে পঢ়়কঃবৰপেটাত দৌল মহোৎসৱৰ পূৰ্বে আৰক্ষীয়ে জব্দ কৰিলে 600 বটল সুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.