ETV Bharat / state

World Press Day: তেজপুৰ বিশ্ববিদ্যালয়ত ৩০ সংখ্যক বিশ্ব প্ৰেছ দিৱস পালন

author img

By

Published : May 3, 2023, 9:07 PM IST

Updated : May 3, 2023, 10:04 PM IST

আজি 30 সংখ্যক বিশ্ব প্ৰেছ দিৱস ৷ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ জনসংযোগ আৰু সাংবাদিকতা বিভাগে বিশ্ব প্ৰেছ দিৱস উদযাপন কৰে (World Press Day celebrated at Tezpur University)।

30th World Press Day celebrated at Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ত ৩০ সংখ্যক বিশ্ব প্ৰেছ দিৱস পালন

তেজপুৰ, ৩ মে': আজি বিশ্ব প্ৰেছ দিৱস (World Press Day) । ইয়াৰ লগত সংগতি ৰাখি আজি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ জনসংযোগ আৰু সাংবাদিকতা বিভাগে বিশ্ব প্ৰেছ দিৱস উদযাপন কৰে (World Press Day celebrated at Tezpur University)। ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৩ মে' দিনটো সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস অথবা বিশ্ব প্ৰেছ দিৱস হিচাবে ঘোষণা কৰাৰ পাচত বিশ্বজুৰি এই দিৱস পালন কৰি অহা হৈছে ৷ এই দিৱসৰ উদ্দেশ্য হ'ল সংবাদ মাধ্যমৰ স্বাধীনতাৰ সম্পৰ্কত সজাগতা সৃষ্টি আৰু মত প্ৰকাশৰ স্বাধীনতাৰ সন্দৰ্ভত চৰকাৰক সোঁৱৰাই দিয়া ৷

ভাৰতবৰ্ষতো প্ৰতি বছৰে পালন কৰি অহা হৈছে বিশ্ব প্ৰেছ দিৱস ৷ বৃহস্পতিবাৰে ৰাজ্যৰ আন কেইবাটাও স্থানৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়তো ৩০ সংখ্যক বিশ্ব প্ৰেছ দিৱস পালন কৰা হয় (30th World Press Day) ৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ জনসংযোগ আৰু সাংবাদিকতা বিভাগে 'Column: The Fouth Pillar'ৰ শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে উক্ত দিৱস পালন কৰে (30th World Press Day observed in World) ৷

বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ভাষণ প্ৰদান কৰে বিভাগটোৰ মুৰব্বী অধ্যাপক অভিজিৎ বৰাই ৷ ভাষণৰ জৰিয়তে অধ্যাপক বৰাই প্ৰশ্ন কৰিবলৈ ভয় নকৰাৰ লগতে মুক্তমনে মনৰভাৱ প্ৰকাশ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে ৷ অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিবিচি নিউজৰ এচিয়া পেচিফিকৰ সম্পাদকীয় নেতৃত্ব শচীন গগৈ (Editorial lead of Asia Pacific at BBC Sachin Gogoi) । তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ শচীন গগৈ ৷

বক্তব্যৰ জৰিয়তে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গগৈয়ে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ ওপৰত আলোকপাত কৰি সংবাদ মাধ্যমৰ স্বাধীনতাৰ সন্দৰ্ভত মন্তব্য দাঙি ধৰে ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভাগটোৰ শিক্ষাৰ্থীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো ৰূপায়ণ কৰে ৷

উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ অনুসৰি, এই দিনটো হৈছে সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক নীতিসমূহ উদযাপন কৰাৰ এক সুযোগ, সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতাৰ স্থিতি মূল্যাংকন কৰা, সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত সততে হোৱা আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ লগতে কৰ্তব্যৰত সময়ত প্ৰাণ হেৰুওৱা সাংবাদিকসকলক শ্ৰদ্ধাঞ্জলি জনোৱা । এই বছৰ বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ থীম অথবা বিষয়বস্তু হৈছে "Shaping a Future of Rights: Freedom of Expression as a driver for all other human rights..."

লগতে পঢ়ক: New NCP President : এনচিপিৰ পৰৱৰ্তী সভাপতিৰ দৌৰত সুপ্ৰিয়া ছুলে আৰু প্ৰফুল পেটেল

Last Updated : May 3, 2023, 10:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.