ETV Bharat / state

পুনৰ ৩.৮ প্ৰাবল্যৰ ভূমিকম্পই কঁপালে ৰাজ্য

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি ৷ ভূমিকম্পটোৰ প্ৰাবল্য ৩.৮ আৰু অভিকেন্দ্ৰ শোণিতপুৰ জিলা ৷

ৰাজ্যত পুনৰ ৩.৮ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত

author img

By

Published : May 31, 2021, 1:30 PM IST

তেজপুৰ,31 মে’: ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত ৷ সোমবাৰে পুৱা প্ৰায় ৯.৫০ বজাত ৰাজ্যৰ ভিন্ন প্ৰান্তত জোকাৰণি অনুভূত হয় ভূমিকম্পৰ ৷ ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৩.৮ আৰু ইয়াৰ গভীৰতা ২৪ কিল’মিটাৰ ৷ ভূমিকম্পটোৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা ৷

ইতিমধ্যে ৰাজ্যখনত সঘনাই অহা সৰু-সৰু ভূমিকম্পই শংকিত কৰি তুলিছে ৰাজ্যবাসীক ৷ জিলাখনক যোৱা ২৮ এপ্ৰিলৰ পৰা প্ৰায় ৩৩ বাৰকৈ সৰু-বৰ কেইবাটাও ভূমিকম্পই জোকাৰি যায় ৷ ফলস্বৰূপে জনসাধাৰণৰ মাজত একপ্ৰকাৰ আতংক সৃষ্টি হৈছে ৷ উল্লেখ্য যে, দেওবাৰে দুপৰীয়া ২.২৩ বজাত ৪.১ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰণি তুলিছিল ৷ দেওবাৰে হোৱা ভূমিকম্পটোৰ পিছৰে পৰা জিলাখনত বৃদ্ধি পাইছে বৰষুণৰ পৰিমাণ ৷

লগতে চাওকঃ মাজনিশা জুৰীয়াত ড্ৰাগছ মাফিয়ালৈ নগাঁও আৰক্ষীৰ গুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.