ETV Bharat / state

তেজপুৰৰ 16 টা শিশুৰ দেহত ক'ভিডৰ অৱস্থিতি

তেজপুৰৰ শিশু আৱাসগৃহত থকা ১৬ টা শিশুৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ ৷ ইয়াৰে ১১ টা বিশেষভাৱে সক্ষম শিশু আৰু বাকীসকল কিশোৰ-কিশোৰী ৷

author img

By

Published : Jun 26, 2021, 6:46 PM IST

Updated : Jun 26, 2021, 7:24 PM IST

16 children in Tezpur affected by covid etv bharat assam
তেজপুৰৰ 16 টা শিশু দেহত ক'ভিড উপস্থিতি

তেজপুৰ, ২৬ জুন : তেজপুৰৰ Missionery of cheraty শিশু আৱাসগৃহৰ ১৬ টা শিশুৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ ৷ ইয়াৰে ১১ টা বিশেষভাৱে সক্ষম শিশু আৰু বাকীসকল কিশোৰ-কিশোৰী ৷ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দলে ১১ টা শিশু আৰু ৫ গৰাকী পৰিচৰ্যাকাৰীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে বুলি জানিব পৰা গৈছে ৷

বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে বিশেষভাৱে চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে ৷ ইতিমধ্যে Missionery of cheraty শিশু আৱাসগৃহত সম্পূৰ্ণ ছেনিটাইজেচন কৰাৰ লগতে বাকী থকা সকলকো তাৎক্ষণিকভাৱে ক'ভিডৰ পৰীক্ষা কৰা হৈছে ৷

পূৰ্বতে Missionery of cheraty শিশু আৱাসগৃহত তিনিগৰাকী পৰিচৰ্যাকাৰীৰ দেহত ক'ভিড পজিটিভ পোৱাৰ পাচত তেওঁলোকক হম আইশ্যলেচনত ৰখা হৈছিল আৰু শিশুগৃহটি কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছিল ৷ শোণিতপুৰত চলিত সপ্তাহটোত আক্ৰান্তৰ হাৰ ৪'৩ % ৷

যোৱা 24 ঘন্টাত শোণিতপুৰ জিলাত আক্ৰান্ত হোৱা ক'ভিড ৰোগীৰ সংখ্যা হৈছে 241 গৰাকীৰ বিপৰীতে মৃ্ত্যু হোৱা লোকৰ সংখ্যা 4 গৰাকী ৷ জিলাখত মুঠ মৃ্ত্যু হোৱা লোকৰ সংখ্যা হৈছে 174 গৰাকী ৷ জিলাখনত ক'ভিডৰ দ্বিতীয়টো ঢৌত আক্ৰান্ত হোৱা মুঠ ক'ভিড ৰোগীৰ সংখ্যা হৈছে 1231 গৰাকী ৷

লগতে পঢ়ক: নতুন SOP : ৰাজ্যৰ 4 খন জিলাত সম্পূৰ্ণ লকডাউন

Last Updated : Jun 26, 2021, 7:24 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.