ETV Bharat / state

অৰুণাচলত চীনা সীমান্তৰ ১৪৫১খন গাঁও ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ অধীনত

author img

By

Published : Sep 21, 2022, 8:55 PM IST

অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ ১৪৫১খন গাঁও ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰেমৰ (Vibrant Village Program) অধীনত । অৰুণাচল প্ৰদেশৰ ১,১২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-চীন সীমান্তত ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰেম চমুকৈ ভি ভি পিৰ অধীনত সমগ্ৰ সীমান্তত থকা গাঁওসমূহ স্থাপন, জনবহুল কৰা আৰু উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ নীতি গ্ৰহণ কৰিছে ।

VVP
VVP

তেজপুৰ, ২১ ছেপ্টেম্বৰ : অৰুণাচল প্ৰদেশৰ ১,১২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-চীন সীমান্তত ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰেম চমুকৈ ভি ভি পিৰ (Vibrant Village Program, VVP) অধীনত সমগ্ৰ সীমান্তত থকা গাঁওসমূহ স্থাপন, জনবহুল কৰা আৰু উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ নীতি গ্ৰহণ কৰিছে । বৰ্তমান ইয়াৰ কাম দ্ৰুত গতিত আগবাঢ়িছে (Indo China border in Arunachal Pradesh) । উল্লেখ্য, পাহাৰীয়া ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চলত যোগাযোগ ব্যৱস্থা পূৰ্বতে অতি শোচনীয় আছিল । ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ।

জনসংখ্যা কম থকাৰ বাবে সীমামূৰীয়া গাঁৱৰ সমস্যাবোৰ সদায়ে থাকি যায় । ফলস্বৰূপে ভি ভি পিৰ (VVP) মূল উদ্দেশ্য হৈছে মুঠ ৩৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-চীন সীমান্তৰ সমগ্ৰ অংশতে লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈ থকা গাঁওসমূহৰ উন্নয়ন এই ব্যৱস্থাত সামৰি লোৱা । কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালভাৱে অৰুণাচল প্ৰদেশ চৰকাৰেও এই বিষয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । সীমান্তত প্ৰব্ৰজন ৰোধ কৰিবলৈ (Preventing migration on border) ভাৰত চৰকাৰে ২০২২-২৩ চনৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা এই ভি ভি পি আৰম্ভ কৰা হৈছে (VVP announced by Union Budget 2022 23)।

অৰুণাচলত চীনা সীমান্তৰ ১৪৫১খন গাঁও ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ অধীনত
অৰুণাচলত চীনা সীমান্তৰ ১৪৫১খন গাঁও ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ অধীনত

ভি ভি পিয়ে উত্তৰ পাৰৰ যিবোৰৰ গাঁৱৰ জনসংখ্যা অতি কম, সীমিত সংযোগ আৰু আন্তঃগাঁথনি, প্ৰায়ে উন্নয়নৰ পৰা বিৰত থাকিবলগীয়া হোৱা সীমান্তৱৰ্তী গাঁওসমূহক সামৰি লোৱাৰ প্ৰস্তাৱ দিয়ে । শেহতীয়া নীতিগত পদক্ষেপৰ অধীনত পূৰ্বৰ আৰু বৰ্তমানৰ সকলো আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লাডাখ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিকিমৰ পৰা অৰুণাচল প্ৰদেশলৈকে বিস্তৃত সীমান্তৰ সমগ্ৰ উত্তৰ পাৰৰ প্ৰায় ২৯৬৮ খন গাঁও চিনাক্ত কৰি ইতিমধ্যে কাম আৰম্ভ কৰিছে (Border villages in Arunachal under VVP) ।

এই সমগ্ৰ ব্যৱস্থাত বিশেষকৈ অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাই গাঁওসমূহৰ লগত বিশেষভাৱে জড়িত হৈ আছে । অৰুণাচল প্ৰদেশৰ মুঠ ১৪৫১ খন গাঁৱৰ ভাৰতৰ উত্তৰ-পূবত চীনৰ সৈতে সীমান্তৰ দায়িত্বত আছে । ইয়াৰে সেনাৰ তৃতীয় ক'ৰ্পছৰ অধীনত ১২৫৯ খন গাঁও । পূব অৰুণাচল প্ৰদেশত সেনাৰ অধীনত এই স্থানত ১২৫৯ খন গাঁও ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰেমৰ অধীনত চিনাক্ত কৰা হৈছে যাৰ ভিতৰত সেনাই চিনাক্ত কৰিছে সীমান্তৰ ১২৫ খন গাঁও । এইসমূহৰে দায়িত্ব লৈছে সেনাই । অৰুণাচল প্ৰদেশৰ তিনিখন আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভিতৰত পশ্চিম দিশত ভাৰত-ভূটান, উত্তৰ-পূবত ভাৰত-চীন আৰু পূব দিশত ভাৰত ম্যানমাৰ সীমা ।

এই ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰেম যিহেতু এটা নতুন কাৰ্যসূচী, ইয়াৰ ৰূপায়ণৰ বাবে পুঁজিৰ প্ৰয়োজনীয়তা আৰু অন্যান্য পদ্ধতিসমূহ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা চূড়ান্ত কৰা হৈছে আৰু বৰ্তমান সেই অঞ্চলৰ লোকসকলৰ মাজত যোগাযোগ ব্যৱস্থা উন্নতমানৰ কৰিবলৈ বহুতো আঁচনি গ্ৰহণ কৰিছে । ইতিমধ্যে এইসমূহ কাম আৰম্ভ হৈছে বুলি স্থানীয় ৰাইজৰ পৰা জানিব পৰা গৈছে । ভি ভি পিৰ অধীনত সামৰি ল’বলগীয়া উত্তৰ সীমান্তৰ গাঁওসমূহৰ তালিকা চূড়ান্ত কৰা হৈছে ।

ভাৰত চৰকাৰে ০-১০ কিলোমিটাৰৰ ভিতৰত অৱস্থিত গাঁওসমূহ ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ জৰিয়তে সীমান্ত অঞ্চল উন্নয়ন কাৰ্যসূচীৰ (BADP) জৰিয়তে ৰূপায়ণ কৰি আছে । ইয়াৰে ভিতৰত ১৬ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ১১৭ খন সীমান্ত জিলাৰ ৪৬০ টা সীমান্ত ব্লকত আন্তঃৰাষ্ট্ৰীয় সীমান্তত প্ৰথমখন গাঁৱৰ পৰা এই কাম আৰম্ভ হৈছে । অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, গুজৰাট, হিমাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পঞ্জাব, ৰাজস্থান, ছিকিম, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, জম্মু-কাশ্মীৰ (কেন্দ্ৰীয়শাসিত অঞ্চল) আৰু লাডাখক (কেন্দ্ৰীয়শাসিত অঞ্চল) সামৰি লোৱা হৈছে ।

বিএডিপিৰ অধীনত ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলৰ বাৰ্ষিক কাৰ্য পৰিকল্পনা যেনে পথ আৰু দলং, স্বাস্থ্য, শিক্ষা, কৃষি, ক্ৰীড়া, খোৱাপানী আৰু অনাময় আদি গাঁৱৰ আন্তঃগাঁথনিৰ সৈতে জড়িত কামেৰে গঠিত বাৰ্ষিক কাৰ্য পৰিকল্পনাসমূহ প্ৰচলিত বিএডিপিৰ নিৰ্দেশনা অনুসৰি বিবেচনা কৰি অনুমোদন কৰা হয় । চীনৰ পৰা ভাৰতৰ প্ৰথমখন গাঁও অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ 'কাহো' গাঁও (kaho) । এই গাঁওখনৰ জনসংখ্যা মাত্ৰ ৬৫ ঘৰ লোক আৰু ই অৰুণাচল প্ৰদেশৰ মুঠ ১১ খন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ গাঁৱৰ ভিতৰত এখন ।

লগতে পঢ়ক :PM CARES Fund : ৰতন টাটাক ট্ৰাষ্টী নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.