ETV Bharat / state

Tezpur University:তেজপুৰ বিশ্ববিদ্যালয়ত সংযোজিত হ’ব ১৩ টা নতুন বিভাগ

author img

By

Published : Jul 13, 2023, 9:40 PM IST

তেজপুৰ বিশ্ববিদ্যালয়লৈ আৰু এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ মন মেলি থকা শিক্ষাৰ্থীসকললৈ সুখবৰ ৷ বিশ্ববিদ্যালয়খনত নতুনকৈ সংযোজন কৰা হ’ব 13 টাকৈ নতুন বিভাগ ৷

Tezpur University departments
শিক্ষাৰ্থীসকললৈ সুখবৰ

তেজপুৰ, ১৩ জুলাই : তেজপুৰ বিশ্ববিদ্যালয়ত 13 টাকৈ নতুন বিভাগ সংযোজনৰ অনুমোদনৰ বাবে বুধবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ শম্ভূনাথ সিঙে সাক্ষাৎ কৰে বিশ্ববিদ্যালয় অনুমোদন আয়োগৰ অধ্যক্ষ প্ৰফেচৰ জগদীশ কুমাৰক । নতুন দিল্লীত বুধবাৰে আয়োগৰ অধ্যক্ষগৰাকীক সাক্ষাৎ কৰি তেজপুৰ বিশ্ববিদ্যালয়খনত নতুন বিভাগকেইটা অনুমোদনৰ বাবে পৰ্যালোচনা কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে ৷ ইয়াৰোপৰি এখন বৈঠকত মিলিত হয় তেওঁলোক ৷ উচ্চ শিক্ষাৰ বিভিন্ন দিশ আৰু বিশ্ববিদ্যালয়খনৰ ভৱিষ্যতৰ ৰোডমেপ সম্পৰ্কে আলোচনা কৰা হয় এই বৈঠকত ।

ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ সামগ্ৰিক ৰূপায়ণৰ প্ৰতি লক্ষ্য ৰাখি বহুবিষয়ক, আন্তঃশাখা আৰু আন্তঃশাখা পাঠ্যক্ৰম/বিষয়/পাঠ্যক্ৰমৰ পোষকতাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত বৈঠকত পৰ্যালোচনা কৰা হয় । প্ৰফেচৰ শম্ভূনাথ সিঙে বিশ্ববিদ্যালয় অনুমোদন আয়োগৰ অধ্যক্ষগৰাকীক জনায় যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ কাৰ্যবাহী সংস্থা একাডেমিক কাউঞ্চিল আৰু ব’ৰ্ড অৱ্ মেনেজমেণ্টে তেৰটা (১৩)টা নতুন বিভাগ স্থাপনৰ প্ৰস্তাৱত ইতিমধ্যে অনুমোদন জনাইছে ৷

উক্ত বিভাগকেইটা এনেধৰণৰ- ফাৰ্মাচিউটিকেল বিজ্ঞান, পেট্ৰ’লিয়াম প্ৰযুক্তি, পৰ্যটন ব্যৱস্থাপনা, যোগ আৰু ক্ৰীড়া বিজ্ঞান, অৰ্থনীতি, পৰিসংখ্যা, মনোবিজ্ঞান, পুথিভঁৰাল আৰু তথ্য বিজ্ঞান ইত্যাদি ৷ তদুপৰি অধ্যাপক সিঙে উচ্চ শিক্ষাৰ বিভিন্ন সামৰ্থ্য বিকাশ কাৰ্যসূচী চলাই থকা বৰ্তমানৰ পাঠদান শিক্ষণ কেন্দ্ৰটোক বিশ্ববিদ্যালয় অনুমোদন আয়োগৰ মানৱ সম্পদ উন্নয়ন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈয়ো প্ৰফেচৰ জগদীশ কুমাৰক অনুৰোধ জনায় ৷

উল্লেখ্য যে, আলোচনাৰ অন্তত ইউ জি চিৰ অধ্যক্ষগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ উন্নয়ন আৰু শৈক্ষিক উৎকৰ্ষতাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সহায় আগবঢ়াবলৈ দায়বদ্ধ বুলি তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক : Chandrayaan 3 launch: চন্দ্ৰযান-৩ অভিযানৰ গুৰুত্বপূৰ্ণ দায়িত্বত অসমীয়া বিজ্ঞানী চয়ন দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.