ETV Bharat / state

অৰুণাচলৰ লংডিঙত সেনাৰ গুলীত নিহত ১, আহত ৫

অৰুণাচলৰ লংডিঙত সেনাৰ গুলীত নিহত এজন । গুৰুতৰভাবে আহত পাঁচজন ৷ লংডিঙৰ স্থানীয় বাসিন্দাৰ শিলাবৰ্ষন পৰা বাচিবলৈ তথা আত্মৰক্ষাৰ বাবেই সেনা বাহিনীয়ে গুলীচালনা কৰাৰ মন্তব্য । আনহাতে, ঘটনা সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ মানৱ অধিকাৰ সংস্থাই সেনাৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ ৷

অৰুণাচল
অৰুণাচলৰ লংডিঙত সেনাৰ গুলীত নিহত ১, আহত ৫
author img

By

Published : May 16, 2020, 11:30 PM IST

তেজপুৰ,১৬ মে': অৰুণাচল প্ৰদেশৰ লংডিংক পুমাও গাঁৱত সেনাৰ গুলীচালনাত এজন লোক থিতাতে নিহত হোৱাৰ উপৰিও গুৰুতৰভাৱে আহত হয় আন পাঁচজন । ঘটনা সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ মানৱ অধিকাৰ সংস্থাই গোচৰ ৰুজু কৰে সেনাৰ বিৰুদ্ধে ৷

উল্লেখ্য যে, শনিবাৰে দিনৰ প্ৰায় ১:৩০ বজাত লংডিংৰ পুমাও গাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ৷ শনিবাৰে লংডিঙত এখন ৰাজহুৱা সভাত অংশ গ্ৰহন কৰা এজন লোকক জুংফু ৱাংচুক সেনাই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে । অভিযোগৰ ভিত্তিতে সেনা বাহিনী আৰু স্থানীয় ৰাইজৰ মাজত অনুষ্ঠিত হয় এখন বৈঠক । বৈঠকতে সেনা বাহিনীয়ে ব্যক্তিজনক কি কাৰণত প্ৰহাৰ কৰে সেয়া সন্দৰ্ভত উত্তৰ দিয়া পৰা বিৰত থকাক লৈ স্থানীয় একাংশই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে । লগতে একাংশ স্থানীয়ই সেনা বাহিনীৰ ওপৰত শিলাবৰ্ষন কৰে । যাৰ পৰিপ্ৰেক্ষিতত আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিবলৈ বাধ্য হয় সেনাবাহিনী ।

ফলত ঘটনাস্থলীত এজন লোক থিতাতে নিহত হোৱাৰ উপৰিও আন পাঁচ জন লোক গুৰুতৰভাবে আহত হয় ৷ আনহাতে, ঘটনাস্থলীত আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোকে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ নিহত লোক জন ৬০ বছৰীয়া লামডান লোকহাম বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

তাৰোপৰি ঘটনাস্থলীত আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্ত শ্বেতা যাদৱ উপস্থিত হৈ নিহত লোকজনলৈ ৫০,০০০ টকাৰ আৰু আহত সকললৈ ২৫,০০০ টকাৰ এককালীন সাহাৰ্যৰ লগতে আহত সকলক বিনামুলীয়া চিকিৎসা প্ৰদানৰ আশ্বাস প্ৰদান কৰে ৷

ইফালে সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এনএছচিএন (আইএম)ৰ দ্বাৰা সমৰ্থিত লোকে সেনাৰ ওপৰত এইদৰে শিলাবৰ্ষণ কৰাৰ লগতে, সেনাৰ ওপৰত আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ৷ যাৰ ফলত সেনাই আত্মৰক্ষাৰ তথা সুৰক্ষা আৰু প্ৰতিৰক্ষাৰ বাবে গুলি চলাবলগীয়া হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.