নিউজ ডেস্ক, 1 মাৰ্চ: শিৱসাগৰত অনুষ্ঠিত কৰা এক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ গৈ হঠাৎ মঞ্চৰ পৰা নামি আহিল জুবিন গাৰ্গ ৷ গান গাবলৈ হেনো মন নগ’ল জুবিন গাৰ্গৰ ৷ যাৰবাবে গীত পৰিৱেশ নকৰাকৈয়ে মঞ্চ ত্যাগ কৰিলে জুবিন গাৰ্গে ৷ এই ঘটনাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া আৰু বিতৰ্ক ৷ অভিযোগ উঠিছে সুৰাৰ ৰাগীত মাতাল হৈ গীত পৰিৱেশন কৰিব নোৱাৰিলে জুবিন গাৰ্গে (Zubben left stage in Sivsagar) ৷ গীতৰ মাত্ৰ এটা কলি পৰিৱেশন কৰিয়েই জুবিনে মঞ্চ ত্যাগ কৰাক লৈ জুবিনক সমালোচনাৰে থকা সৰকা কৰিছে নেটিজেনে ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে নেলীত তিৱা ছাত্ৰ সন্থাই আয়োজন কৰা এক অনুষ্ঠানত জুবিন গাৰ্গে গীত পৰিৱেশন কৰিবলৈ নোযোৱাৰ ঘটনাক লৈয়ো অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ কিন্তু কিয় বাৰে বাৰে বিতৰ্কত সোমাই পৰে জুবিন গাৰ্গ ? নিজস্বতা হেৰুৱাই পেলাইছে নেকি জুবিন গাৰ্গে ? নিজকে ছ’চিয়েলিষ্ট বুলি দাবী কৰি অহা জুবিন গাৰ্গৰ এনে বহুৱালি কিয় ? জুবিনৰ প্ৰতি থকা অসমৰ ৰাইজৰ ভাল পোৱাৰ সুবিধা গ্ৰহণ কৰিয়েই এনে কৰিছে নেকি জুবিন গাৰ্গে ? সম্প্ৰতি এনে বহু প্ৰশ্নই উত্থাপন হৈছে (Zubeen Garg controversy) ৷
উল্লেখ কৰা প্ৰয়োজন যে, সময়ে সময়ে অসমৰ সাধাৰণ ৰাইজৰ পক্ষত থকা বুলি দেখুৱাই নিজৰ সুবিধাবাদী চৰিত্ৰ প্ৰকাশ কৰি আহিছে জুবিন গাৰ্গে ৷ চল চাই কঠিয়া পৰাত অতি সিদ্ধহস্ত জুবিন গাৰ্গ ৷ যাৰবাবে অতি সহজেই আবেগিক অসমীয়াক ব্যৱহাৰ কৰি নিজত স্বাৰ্থ সিদ্ধি কৰাৰ লগতে ৰাজদুৱাৰ মুকলি কৰি লৈছে জুবিন গাৰ্গে ৷
এটা অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ গৈ মন নগ’ল বুলিয়েই হাজাৰ হাজাৰ ৰাইজক বিমুখ কৰাটো কিমান সমীচীন ৷ এয়া জুবিন গাৰ্গৰ বহুৱালি নহয়নে ? একাংশ অন্ধ অনুৰাগী আৰু অন্ধ সমৰ্থকৰ ৰোষত পৰি আজি পথভ্ৰষ্ট জুবিন গাৰ্গ ৷ জুবিনক শিশু সুলভ বুলি কৈ আঁৰ কাপোৰ পাৰি জুবিনে কৰি অহা ভুলক বাঃ বাঃ দি আহিছে একাংশ অন্ধ অনুৰাগীয়ে ৷ যদিহে এয়াই জুবিনৰ শিশুসুলভ কাম হয় তেন্তে তেওঁৰ অন্ধ সমৰ্থক কি পৰ্যায়ৰ চিন্তাধাৰাৰ সেয়া সহজেই অনুমেয় ৷ আৰু তেনে একাংশ অন্ধ অনুৰাগীৰ বাবেই আজি নিজস্বতা হেৰুৱাইছে জুবিন গাৰ্গে (Zubeen unable to perform in Sivsagar) ৷
এই কথা উল্লেখ কৰিবলৈ লাগিব যে, সংগীত জগতলৈ জুবিনৰ অৱদান অপৰিসীম ৷ কিন্তু সময়ে সময়ে নিজৰ সুবিধাবাদী স্বৰূপ প্ৰদৰ্শন কৰি আহিছে জুবনি গাৰ্গে ৷ ‘কা’ বিৰোধী আন্দোলনৰ (Assam anti CAA protest) সময়ত ৰাজপথৰ আন্দোলনক খেলপথাৰলৈ নিয়াৰ চিত্ৰনাট্য সমুজ্জ্বল ভট্টাচাৰ্যৰ সৈতে লগ লাগি জুবিন গাৰ্গে ৰচনা কৰিছিল বুলিও একাংশই অভিযোগ উত্থাপন কৰি আহিছে ৷
সমান্তৰালভাৱে, পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ বাবেহে জুবিন গাৰ্গে গীত পৰিৱেশ নকৰিলে বুলিও মত প্ৰকাশ কৰিছে একাংশই ৷ কিন্তু প্ৰশ্ন হয়, ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা অনুষ্ঠিত হৈ থকা বুলি অৱগত হোৱাৰ পাচতো কিয় অখিল গগৈয়ে আয়োজন কৰা অনুষ্ঠানটোত জুবিনক গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰা হৈছিল (Sivsagar talent hunt programme) ? মুঠৰ ওপৰত য’তেই জুবিন তাতেই যেন বিতৰ্ক ৷
লগতে পঢ়ক: Again Zubeen controversy: বিতৰ্কত জুবিন, গীত নোগোৱাকৈয়ে মঞ্চ এৰিলে জুবিন গাৰ্গে