ETV Bharat / state

World Sparrow Day: দ্ৰুতগতিত বিলুপ্তিৰ দিশে ঘৰচিৰিকা; চিন্তিত প্ৰকৃতিপ্ৰেমী

author img

By

Published : Mar 20, 2023, 4:17 PM IST

পৰিৱেশতন্ত্ৰৰ সাল-সলনিৰ ফলত আমাৰ পৰা ক্ৰমান্বয়ে হেৰাই গৈছে ঘৰচিৰিকা । নৰা-খেৰৰ গৃহত বসতি কৰি ভালপোৱা এইবিধ চৰাই আজিৰ প্ৰজন্মৰ বহুতেই চিনি নাপায় (Sparrow Day Special News) । মানুহৰ কাষে কাষে ওমলি জামলি ভাল পোৱা ঘৰচিৰিকা আজিকালি নাহে গাঁৱৰ মানুহৰ চোতাললৈ ।

World Sparrow Day
বিশ্ব ঘৰচিৰিকা দিৱস
বিশ্ব ঘৰচিৰিকা দিৱস

আমগুৰি, ২০ মাৰ্চ : আজি বিশ্ব ঘৰচিৰিকা দিৱস (World Sparrow Day) ৷ প্ৰতিবছৰে 20 মাৰ্চৰ দিনটো ঘৰচিৰিকা চৰাইবিধৰ বিষয়ে মানুহক অৱগত কৰিবলৈ বিশ্ব ঘৰচিৰিকা দিৱস পালন কৰা হয় ৷

‘ঘৰচিৰিকা, অ' ঘৰচিৰিকা, মুখত দুডাল দুবৰিবন, দুডাল খৰিকা, মোৰ চোতালত ওমলহি অ' ঘৰচিৰিকা’- প্ৰকৃতিৰ বুকুত উমলি-জামলি, মানুহৰ সংগে সংগে, অলপ দূৰে দূৰে বিচৰণ কৰি ঘূৰা সৰু এটি চৰাই ঘৰচিৰিকা ! গ্ৰামাঞ্চলৰ খেৰৰ ঘৰত সততে বাঁহ সাজি আশ্ৰয় লৈ থকা সৰু আকৃতিৰ এই চৰাই ঘৰচিৰিকা সময়ৰ চাকনৈয়াত সংখ্যাত কমি আহিবলৈ ধৰিছে ৷

চাৰিওফালে খেৰি ঘৰ ভাঙি পকীঘৰ হোৱাত ঘৰচিৰিকাৰ আৱাসস্থল কমি আহিছে । আগৰ দিনত প্ৰায়ে চিৰিক চিৰিক কৈ মাতি ঘৰচিৰিকা মানুহৰ ঘৰৰ সন্মুখতে পৰেহি ৷ আজিকালি সেই দৃশ্য দেখিবলৈ নাই ৷ খেৰীঘৰ বিশেষকৈ নৰা-টকৌ পাতেৰে সজোৱা ঘৰ চৰাইবিধৰ বসতিৰ কাৰণে উপযোগী যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে এনে ঘৰ নোহোৱা হৈ পৰাত চৰাইবিধেও বসতিস্থল সলনি কৰিবলগীয়া হৈছে ।

প্ৰকৃতিৰ সৈতে একাত্ম হৈ এই সৰু চৰাইবিধ সংখ্যাত কমি যোৱাত প্ৰকৃতিপ্ৰেমীসকল চিন্তিত হৈ পৰিছে । ঘৰচিৰিকাৰ এনে দুৰৱস্থাৰ সময়ত শিৱসাগৰ জিলাৰ দিখৌমুখ ভৰলুৱা গাঁৱৰ প্ৰণৱ শইকীয়া আৰু তেওঁ পৰিয়ালে নিজা গৃহৰ বাৰাণ্ডাতে ঘৰচিৰিকা সংৰক্ষণ কৰি অহাৰ খবৰ বিয়পি পৰিছে । পেছাত এগৰাকী ব্যৱসায়ী প্ৰণৱ শইকীয়াই দোকানৰ পেলনীয়া বাকচবোৰ একগোট কৰি নিজ গৃহৰ বাৰাণ্ডাত ঘৰচিৰিকা থাকিব পৰাকৈ বান্ধি দিছে এই বাকচবোৰ । চকলেটৰ পেকেটকে ধৰি অন্যান্য বাকচ বান্ধি দি ঘৰচিৰিকাৰ আবাসস্থল গঢ়ি তোলা প্ৰণৱ শইকীয়া বাসগৃহত এতিয়া ঘৰচিৰিকাই খেৰ-কূটা কঢ়িয়াই পোৱালি উলিয়াইছে ।

আজি বিশ্ব ঘৰচিৰিকা দিৱসৰ এই দিনটোত চৰাইবিধৰ সংৰক্ষণৰ কাৰণে আমি সকলো সংকল্পবদ্ধ হ'ব লাগিব । বিশ্বৰ চৰাই মানচিত্ৰৰপৰা ইতিমধ্যে বহু চৰাই লুপ্ত হৈ গৈছে । এবাৰ লুপ্ত হৈ যোৱা চৰাই পুনৰ ঘূৰি অহাটো সম্ভৱ নহয় । সেয়েহে সময় থাকোতেই যদিহে আমি ঘৰচিৰিকা চৰাইবিধ সংৰক্ষণ নকৰো তেনেহ’লে এদিন এই চৰাই লুপ্তপ্ৰায় হৈ উঠিব ।

ইতিমধ্যেই ঘৰচিৰিকাৰ সংৰক্ষণৰ প্ৰয়োজনৰ সময় আহি পৰিছে । গাঁও অঞ্চলত ঘৰচিৰিকা চৰাই দেখিবলৈ পোৱা যায় যদিও চকুৰ পচাৰতে বিলুপ্ত হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । সেয়েহে চৰাইবিধ সংৰক্ষণৰ বাবে নৱপ্ৰজন্মৰ আগবাঢ়ি আহিলে প্ৰকৃতিৰ বুকুত ঘৰচিৰিকা সুৰক্ষিত হৈ ৰ'ব ৷

লগতে পঢ়ক : Wild Elephant Death in Assam: দুটা দশকত অসমত অকাল মৃত্যুক সাৱটিলে তিনি শতাধিক বন্যহস্তীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.