ETV Bharat / state

শিৱসাগৰত পথৰ মাজত জ্বলিল বাহন

author img

By

Published : Jan 31, 2021, 7:15 PM IST

শিৱসাগৰ জিলাৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত দাউদাউকৈ জ্বলিল এখন টাটা ইণ্ডিগ' বাহন ।

শিৱসাগৰত পথৰ মাজত জ্বলিল বাহন
শিৱসাগৰত পথৰ মাজত জ্বলিল বাহন

শিৱসাগৰ, ৩১ জানুৱাৰী: শিৱসাগৰৰ ৰাজপথত দাউদাউকৈ জ্বলিল এখন চাৰিচকীয়া বাহন । দেওবাৰে শিৱসাগৰ জিলাৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত দাউদাউকৈ জ্বলিল এখন টাটা ইণ্ডিগ' বাহন ।

ঘটনা অনুসৰি, শিৱসাগৰ জিলাৰ অন্তৰ্গত বেতবাৰী টাইমুৰ আলিত AS ২৩ E ২৬১৬ নম্বৰৰ টাটা ইণ্ডিগ' বাহনখন এগৰাকী মহিলাই ভাড়া হিচাপে লৈ চালকজনৰ সহিতে ডিব্ৰুগড়ৰ পৰা বেতবাৰী হৈ নাজিৰা অভিমুখে ৰাওনা হৈছিল । চলন্ত অৱস্থাতে হঠাৎ সন্মুখভাগৰ পৰা কলা ধোৱা নিৰ্গত হোৱাত চালক আৰু মহিলাগৰাকী বাহনখন ৰখাই নামি যোৱাৰ পিছতেই দাউদাউকৈ জ্বলি উঠিছিল বাহনখন । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত এক ভয়াৱহ বিপদৰ পৰা ৰক্ষা পৰে চালক আৰু মহিলাগৰাকী ।

ইফালে ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে দুৰ্ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:খানাপাৰাত শিক্ষক নিযুক্তিৰ পত্ৰ বিতৰণত অঘটন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.