ETV Bharat / state

শিৱসাগৰত জিলা ভিত্তিক উশ্বু প্ৰতিযোগিতা

শিৱসাগৰৰ খেলুৱৈয়ে বিভিন্ন প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হোৱাৰ পাছতো আজিলৈকে কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰে শিৱসাগৰ উশ্বু সন্থাৰ সাধাৰণ সম্পাদক প্লাৱন বৰায়ে ৷

author img

By

Published : Nov 22, 2020, 2:33 PM IST

USHO COMPETITION HELD IN SIVASAGAR
শিৱসাগৰত উচু ক্লাৱৰ উদ্যোগত জিলা ভিত্তিক উচু প্ৰতিযোগিতা

শিৱসাগৰ,22 নৱেম্বৰ: শিৱসাগৰত উশ্বু ক্লাৱৰ উদ্যোগত 16 সংখ্যক জিলা ভিত্তিক উশ্বু প্রতিযোগিতাখন ষ্টেচন চাৰিআলিৰ সমীপৰ ৰংপুৰজ্যোতি ক্লাবত অনুষ্ঠিত হৈ যায় । উক্ত প্ৰতিযোগিতাখনত শিৱসাগৰৰ 9 টা উশ্বু ক্লাৱৰ মুঠ 135 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাখন নিম্ন, মধ্য নিম্ন আৰু উচ্চ এই তিনিটা শাখাত পুৰুষ-মহিলা উভয়ৰে মাজত অনুষ্ঠিত হয় ।

শিৱসাগৰত জিলা ভিত্তিক উশ্বু প্ৰতিযোগিতা

প্ৰতিযোগিতাখনত জিলা অতিৰিক্ত উপায়ুক্ত বিদিত দাস, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মঞ্জিৰ গগৈৰ লগতে ভালে সংখ্যক দৰ্শক উপস্থিত থাকে । শিৱসাগৰ উশ্বু সন্থাৰ সাধাৰণ সম্পাদক প্লাৱন বৰায়ে আক্ষেপেৰে সংবাদ মাধ্যমৰ আগত বিগত 16 বছৰে শিৱসাগৰৰ খেলুৱৈয়ে বিভিন্ন প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হোৱাৰ পাছতো আজিলৈকে চৰকাৰী কোনো ধৰণৰ সাহায্যৰ লগতে প্ৰশাসন আৰু জিলা ক্রীড়া সন্থাৰ ফালৰ পৰা আৰ্থিক অনুদান লাভ নকৰাৰ কথা ব্যক্ত কৰে ।

USHO COMPETITION HELD IN SIVASAGAR
শিৱসাগৰত জিলা ভিত্তিক উশ্বু প্ৰতিযোগিতা

লগতে পঢ়ক: তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত জিএমছিএইছ অধ্যক্ষৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.