শিৱসাগৰ, 22 মে’ : এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে শিৱসাগৰ নগৰ ৷ শনিবাৰে নগৰখনৰ সমীপৰ বনিয়াবাৰীৰ দেউলিয়াখাটত উদ্ধাৰ কৰা হৈছে এটা নৰকংকাল ৷
অঞ্চলটোৰ এখন আওহতীয়া পিটনিত পৰি থকা অৱস্থাত শনিবাৰে পুৱা অঞ্চলটোৰ এজন লোকে প্ৰতক্ষ্য কৰে এই নৰকংকালটো ৷ ইয়াৰ পিছতেই ঘটনাক কেন্দ্ৰ কৰি হুৱা-দুৱা লাগে অঞ্চলটোত ৷
উল্লেখযোগ্য যে, মৃত্যুৰ সময়ত চাৰ্ট আৰু লুঙী পৰিহিত লোকজনৰ মৃতদেহটো ইতিমধ্যে উঁৱলি গৈ এটা কংকালত পৰিণত হৈছে। মৃতদেহটোৰ অৱস্থা দেখি কমেও বিশ দিনৰ পৰা এমাহৰ আগেয়ে লোকজনৰ মৃত্যুহোৱা বুলি সন্দেহ কৰা হৈছে ৷
বৰ্তমান পৰ্যন্ত মৃতদেহটো কাৰ সেই কথা নিশ্চিত হোৱা নাই যদিও, অঞ্চলটোৰ এজন বনকৰা লোক আজি বহু দিনৰ পৰা সন্ধানহীন হৈ থকাৰ কথা জানিব পৰা গৈছে ।
ইতিমধ্যে, ঘটনাস্থলীত আৰক্ষীৰ লোক আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷
ইফালে, অচিনাক্ত লোকজনৰ মৃত্যু কোনো দুৰ্ঘটনাৰ ফলত নে এইয়া কোনো হত্যাকাণ্ডৰ ফল তাকেলৈ এতিয়া ৰাইজৰ মাজত বহু আলোচনা চলিছে যদিও আৰক্ষীৰ অনুসন্ধানৰ যোগেদিহে প্ৰকৃত সত্যৰ উদ্ঘাটন হ’ব ৷
লগতে পঢ়ক : সোণাৰীলৈ যাত্ৰা ৰিতুল শইকীয়াৰ পৰিয়ালৰ