শিৱসাগৰ, 5 এপ্ৰিল: বহু জল্পনা কল্পনাৰ অন্তত কুইপ'ৰ আনজন অপহৃত বিয়ষা ৰাম কুমাৰক মুকলি কৰি দিলে আলফা(স্বা)এ ৷ নাগালেণ্ডৰ মন জিলাৰ লংৱা গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় অপহৃত কুইপ' বিষয়া ৰাম কুমাৰক ।
৩৫নং অসম ৰাইফলচৰ এটি দলে কুইপ বিষয়া ৰাম কুমাৰক নাগালেণ্ডৰ সীমান্তৱৰ্তী লংৱাৰ পৰা উদ্ধাৰ কৰি এক বৃহৎ কনভয়েৰে নাগালেণ্ডৰ টিজিট আৰক্ষী থানাত হাজিৰ কৰোৱা হয় ৷ পৰৱৰ্তী সময়ত বিষয়াগৰাকীক চৰাইদেউ আৰক্ষীক চমজাই দিয়াৰ উদ্দেশ্যে সোণাৰি আৰক্ষী থানাত উপস্থিত হয় অসম ৰাইফলচৰ দলটো ৷
প্ৰায় 100 দিনতকৈও অধিক দিন বন্দী কৰি ৰখাৰ পাছত শনিবাৰে আলফা(স্বা)এ আনজন বিষয়া শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈক মুকলি কৰি দিছিল ৷ অৱশেষত দীৰ্ঘ দিনৰ অপেক্ষাৰ ওৰ পেলাই ভাৰত-ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ লংৱা গাঁৱত ৰাম কুমাৰক মুকলি কৰি দিয়াৰ খবৰ পোৱাৰ পাছতে গগৈয়েও আলফা(স্বা)ক ধন্যবাদ জনোৱাৰ লগতে অসমৰ সন্মান ৰক্ষা কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে ৷
উল্লেখ্য যে, বিগত বৰ্ষৰ 21 ডিচেম্বৰত আলফা(স্বা)এ অৰুণাচলৰ ডায়ুনৰ পৰা কুইপ' কোম্পানীত কৰ্মৰত দুই বিষয়া ক্ৰমে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক অপহৰণ কৰি নিছিল ৷