ETV Bharat / state

শিৱসাগৰৰ চাংমাই গাঁও তৈল্যক্ষেত্ৰৰ সন্মুখত অৱস্থান ধৰ্মঘট

অ'এনজিচিৰ কিউ পি এছ-চি এম জিক ওড়িশাৰ ব্যক্তিগত কোম্পানী অ' এছ এলক বিক্ৰী কৰাৰ বিৰোধিতাৰে শিৱসাগৰৰ আমগুৰিত প্ৰতিবাদত নামিল টাই আহোম যুৱ পৰিষদ আৰু চাংমাই গাঁও উন্নয়ন সমিতি । আমগুৰিৰ বৰাহীবাৰীৰ চাংমাই গাঁও তৈল্যক্ষেত্ৰৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন দুটাই ।

author img

By

Published : Apr 10, 2021, 5:22 PM IST

আমগুৰিত টাই আহোম যুৱ পৰিষদ আৰু চাংমাই গাঁও উন্নয়ন সমিতিৰ প্ৰতিবাদ

আমগুৰি, ১০ এপ্ৰিল: শনিবাৰে টাই আহোম যুৱ পৰিষদ আৰু চাংমাই গাঁও উন্নয়ন সমিতিৰ প্ৰতিবাদত উত্তাল চাংমাই গাঁৱৰ পৰিৱেশ । অ'এনজিচিৰ কিউ পি এছ-চি এম জিক ওড়িশাৰ ব্যক্তিগত কোম্পানী অ' এছ এলক বিক্ৰী কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংগঠন দুটাই ।

আমগুৰিৰ বৰাহীবাৰীৰ চাংমাই গাঁও তৈল্যক্ষেত্ৰৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন দুটাৰ সদস্যসকল আৰু স্থানীয় ৰাইজে । অঞ্চলটোৰ উন্নয়নৰ বাবে অ'এনজিচিয়ে প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতি পূৰণ নকৰাকৈয়ে কিউ পি এছ-চি এম জি ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিবলৈ লোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ ।

যাতায়াত, বিদ্যুত, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, থলুৱা যুৱকক নিযুক্তি দিয়া, অঞ্চলটোত যুৱক সংঘ নিৰ্মাণ কৰা, নিবনুৱা যুৱকক স্বাৱলম্বী হোৱাৰ বাবে সাহায্য প্ৰদান কৰা, শিক্ষাৰ্থীৰ বাবে পুথিভঁৰাল স্থাপন কৰা আদি দাবী জনাই শনিবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে টাই আহোম যুৱ পৰিষদ আৰু চাংমাই গাঁও উন্নয়ন সমিতিয়ে ।

লগতে পূৰ্বে জিলা প্ৰশাসন আৰু অ'এনজিচি কৰ্তৃপক্ষৰে হোৱা আলোচনাত সংগঠন দুটাই উত্থাপন কৰা সকলো দাবী পূৰণ কৰিবলৈ তেওঁলোকে আহ্বান জনায় ।

লগতে পঢ়ক:অৰুণাচলত আৱদ্ধ অসমৰ ১৭ গৰাকী শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.