ETV Bharat / state

বকতাত কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ দুজন

author img

By

Published : Jun 4, 2020, 3:46 PM IST

পুনৰ বিষাক্ত কাঠফুলা ভক্ষণ কৰি ৰাজ্যত অসুস্থ হৈছে দুজন ব্যক্তি ৷ শিৱসাগৰৰ বকতাত সংঘটিত উক্ত ঘটনাত আক্ৰান্ত দুগৰাকীক ইতিমধ্যে সংকটজনক অৱস্থাত মৰাণৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ৷

Two people effected by eating mushroom at sivsagar assam etv bharat news
বিষাক্ত কাঠফুলা ভক্ষণ

শিৱসাগৰ, 4 জুন: শিৱসাগৰৰ বকতা বৰপিয়ালত বিষাক্ত কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ হৈছে দুজন ব্যক্তি । ঘটনাৰ বিৱৰণী অনুসৰি,শিৰোদ কৈৰীৰ পত্নী সুনীতা কৈৰীৰ লগতে 13 বছৰীয়া কিশোৰ অৰুণ কৈৰীয়ে বুধবাৰে আবেলি বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰে । পৰৱৰ্তী সময়ত 108 এম্বুলেন্সৰ সহায়ত সংকটজনক অৱস্থাত আক্ৰান্ত দুগৰাকীক পৰিয়ালৰ লোকে মৰাণস্থিত সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও অঞ্চলটোত বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ ফলত কেইবাজনো লোকে অকাল মৃত্যুক সাৱটি লৈছিল ।

লগতে চাওকঃ কৰিমগঞ্জৰ ৰাজহুৱা স্থানত উদ্ধাৰ ব্যৱহৃত পিপিই কীট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.