ETV Bharat / state

তিনি লালিগুৰ ব্যৱসায়ীক আটক আমগুৰি আৰক্ষীৰ; কেতিয়া অভিযান চলাব জনৈক-ৰাজ-বিপ্লৱ-অৰবিন্দৰ বিৰুদ্ধে ? - অবৈধ সুৰা বিৰোধী অভিযান

লালিগুৰ ব্যৱসায়ৰ লগতে চুলাই ব্যৱসায়ৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আমগুৰি আৰক্ষী আৰু আৱকাৰী বিভাগে ৷ এতিয়ালৈকে তিনি লালিগুৰ ব্যৱসায়ীক আটক কৰিছে যদিও লালিগুৰৰ অবাধ বেহা চলোৱা জনৈক, ৰাজ, হালোৱাটিঙৰ বিপ্লৱ, দেওৰজাৰ অৰবিন্দৰ বিৰুদ্ধে সফল অভিযান চলাব পৰা নাই আমগুৰি আৰক্ষীয়ে ৷

three Laligur smuggler arrest by amguri police
তিনি লালিগুৰ ব্যৱসায়ীক আটক আমগুৰি আৰক্ষীৰ
author img

By

Published : Nov 19, 2021, 10:25 PM IST

আমগুৰি, ১৯ নবেম্বৰ : লালিগুৰ ব্যৱসায়ৰ লগতে চুলাই ব্যৱসায়ৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আমগুৰি আৰক্ষী আৰু আৱকাৰী বিভাগে ৷ শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষীয়ে যোৱা ১৭ নবেম্বৰত জব্দ কৰা ১২০ টিং লালীগুৰৰ সন্দৰ্ভত এক গোচৰ পঞ্জীয়ণ কৰি ইতিমধ্যে তিনি লালিগুৰ সৰবৰাহকাৰীক আটক কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে, আমগুৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নাৰায়ণ বড়োৰ নেতৃত্বত হোজাই জিলাৰ লংকাৰ পৰা ১২০ টিং লালিগুৰ কঢ়িয়াই অনা AS-04BC-1655 নম্বৰৰ এখন বাহন জব্দ কৰাৰ লগতে চালক সঞ্জয় কুমাৰ সিং (৩৮) আৰু সহযোগী হৰি লাইটে(২২) ক গ্ৰেপ্তাৰ কৰে । দুয়োজনৰে ঘৰ শিৱসাগৰ জিলাৰ গেলেকী থানাৰ অন্তৰ্গত হাতীপটি বগীচাপৰিত বুলি বুলি জানিব পৰা গৈছে ।

আনহাতে আমগুৰি আৰক্ষীয়ে এই সন্দৰ্ভত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি লালিগুৰ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত অনুপম বৰুৱা(২১) নামৰ আন এগৰাকীক গেলেকী আৰক্ষীৰ সহযোগত আটক কৰে । আমগুৰি আৰক্ষীয়ে এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮, ৩৭৯, ৩৪ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ৫১(বি) অধীনত ১১৯/২০২১ নম্বৰৰ গোচৰ পঞ্জীয়ণ কৰি আটকাধীন তিনিওকে জেললৈ প্ৰেৰণ কৰে ।

ইফালে আমগুৰি চক্ৰ আৱকাৰী বিষয়াৰ কাৰ্যালয়ে আমগুৰি অঞ্চলত অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত ৰাখিছে । আৱকাৰী বিভাগে হাফলুটিং আৰু খড়াগঁড় অঞ্চলৰ লগতে জৰাধৰা অঞ্চলত অভিযান চলাই ৪,০০০ লিটাৰৰো অধিক চুলাই তথা দেশীয় সুৰা জব্দ কৰে । এই সন্দৰ্ভত আৱকাৰী বিভাগে ৩ টা গোচৰ ৰুজু কৰে বুলি জানিব পৰা গৈছে ।

অভিযোগ অনুসৰি, আমগুৰিত লালিগুৰৰ অবাধ বেহা চলোৱা জনৈক কল্যান, ৰাজ, হালোৱাটিঙৰ বিপ্লৱ, দেওৰজাৰ অৰবিন্দকে ধৰি দোপদৰৰ একাংশ যুৱকে চলাই গৈছে লালিগুৰৰ ব্যৱসায় । এইক্ষেত্ৰত আমগুৰি আৰক্ষী আৰু আৱকাৰী বিভাগে বৰ্তমানলৈ সফল অভিযান চলাব পৰা নাই যদিও এই লালিগুৰ ব্যৱসায়ী কেইজনে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আমগুৰিৰ সচেতন মহলে ।

লগতে পঢ়ক: congress protest against price hike : ৰাইজৰ সমস্যাৰাজিক বুজি নাপায় কাৰণে সমাধনত ব্যৰ্থ চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.