ETV Bharat / state

২৭ জানুৱাৰীত আমগুৰিত অগপৰ জাতীয় ঐক্য সমাৰোহ

author img

By

Published : Jan 25, 2021, 7:31 AM IST

30 হাজাৰৰো অধিক কৰ্মীৰ উপস্থিতিৰে আমগুৰিত অনুষ্ঠিত হ'ব অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ ৷ দেওবাৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই এখন সংবাদমেল যোগে এই কথা প্ৰকাশ কৰে ৷

২৭ জানুৱাৰীত আমগুৰিত অগপৰ জাতীয় ঐক্য সমাৰোহ
২৭ জানুৱাৰীত আমগুৰিত অগপৰ জাতীয় ঐক্য সমাৰোহ

আমগুৰি,২৫ জানুৱাৰী : অসম গণ পৰিষদৰ আমগুৰি বিধান পৰিষদে সমষ্টিটোৰ দোপদৰ বামুণপুখুৰীত অনুষ্ঠিত কৰিব বিশাল জাতীয় ঐক্য সমাৰোহ। 27 জানুৱাৰীত অনুষ্ঠিত হ'ব লগীয়া জাতীয় ঐক্য সমাৰোহত 30 হাজাৰৰো অধিক কৰ্মীৰ উপস্থিত থাকিব ৷ ইয়াৰ লগতে অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত,জ্যেষ্ঠ নেতা ফণীভূষণ চোধুৰী,দলটোৰ সাংস্কৃতিক সমিতিৰ সভানেত্ৰী তথা বিশিষ্ট কন্ঠশিল্পী কল্পনা পাটোৱাৰী উপস্থিত থাকিব ৷ দেওবাৰে এখন সংবাদমেল যোগে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই এই কথা প্ৰকাশ কৰে ৷

উল্লেখ্য যে,ইতিমধ্যে ৰাজ্যৰ বিভিন্ন সমষ্টিত অসম গণ পৰিষদে দলীয় কৰ্মীসকলৰ সহযোগত জাতীয় ঐক্য সমাৰোহৰ আয়োজন কৰি আহিছে । ঠিক তেনেদৰে আমগুৰি সমষ্টিতো দোপদৰ মৌজাৰ দুলীয়া পথাৰৰ সমন্বয় ক্ষেত্ৰত অগপৰ আমগুৰি বিধান পৰিষদৰ উদ্যোগত জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰিব। এই সমাৰোহৰ জৰিয়তে আগন্তুক দিনত অগপৰ বিজয় ধ্বজা বহন কৰাত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে বিধায়ক প্ৰদীপ হাজৰিকাই ৷

লগতে পঢ়ক: চতিয়াত বিজেপিৰ সাংগঠনিক সভা : শতাধিক লোকৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.