ETV Bharat / state

শিৱসাগৰত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত থিৰাপাথ মংকলনাভিন

শিৱসাগৰৰ আহোম যুগৰ বিভিন্ন প্ৰাচীন কীৰ্তিচিহ্ন পৰিদৰ্শন কৰি বুজ ল'লে এসময়ৰ টাই মূলৰ সংস্কৃতিৰ ৷

author img

By

Published : Sep 7, 2019, 8:34 PM IST

শিৱসাগৰত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত থিৰাপাথ মংকলনাভিন

শিৱসাগৰ, 7 চেপ্তেম্বৰঃ শনিবাৰে শিৱসাগৰত উপস্থিত হয় থাইলেণ্ডৰ ভাৰতীয় ৰাষ্ট্ৰদূত তথা বৰ্তমানৰ থাই মন্ত্ৰী থিৰাপাথ মংকলনাভিন । নতুন দিল্লীৰ থাই ৰাষ্ট্ৰদূত ভৱনৰ পৰা অহা থিৰাপাথ থাই সংহতি অভিযানৰো উপ প্ৰধান । ৬০০ বছৰীয়া আহোম শাসনকালৰ সোণালী স্বাক্ষৰ সমূহ পৰিদৰ্শনৰ উদ্দেশ্যে শিৱসাগৰত উপস্থিত ৰাষ্ট্ৰদূত গৰাকীয়ে শনিবাৰে ঐতিহাসিক শিৱ দৌল, এছিয়াৰ প্ৰথম ক্ৰীড়াঙ্গণ ৰংঘৰ, আহোম ৰাজভৱন তলাতল ঘৰ পৰিদৰ্শন কৰে । লগতে শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত টাই যাদুঘৰ পৰিদৰ্শন কৰি আহোম যুগৰ বিভিন্ন সামগ্ৰী, বস্ত্ৰ, মুদ্ৰা আদি বিভিন্ন পুৰণি সামগ্ৰী পৰিদৰ্শন কৰে । শিপাৰ সন্ধানত অহা এইজন সংহতি অভিযানৰ উপ প্ৰধানে পৰৱৰ্তী সময়ত অধিক প্ৰস্তুতিৰে অসমলৈ আহি একালৰ তেওঁলোকৰ মূলৰ লোকে স্থাপন কৰা আহোম ৰাজ্যৰ সভ্যতা-সংস্কৃতিৰ অধ্যয়ণ কৰিব ।

এনে ভ্ৰমণে দুয়োখন দেশৰ মাজত সাংস্কৃতিক বিনিময় তৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে । তেখেতৰ লগত আহিছে ভাৰতত থকা থাই ৰাষ্ট্ৰদূত কাৰ্যালয়ৰ বিত্তীয় সহায়ক ডঃ আৰেনলা । শনিবাৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডঃ এছ. লক্ষ্মণন, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, আহোম জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ লগতে জিলা আৰু আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকি ৰাষ্ট্ৰদূত জনক উষ্ম আদৰণি জনায় ।

Intro:Body:*শিৱসাগৰত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত থিৰাপাথ মংকলনাভিন--শিৱসাগৰৰ আহোম যুগৰ বিভিন্ন প্ৰাচীন কীৰ্তিচিহ্ন পৰিদৰ্শন কৰি বুজ ললে এসময়ৰ টাই মূলৰ সংস্কৃতিৰ*

Story--THAI_MINISTER
Ananta Smith
Sivasagar
07th September

A_SVR_07TH_SEP_809-812_THAI_MINISTER_7203499

আজি শিৱসাগৰত আহি উপস্থিত হয় থাইলেণ্ডৰ ভাৰতীয় ৰাষ্ট্ৰদূত তথা বৰ্তমানৰ থাই মন্ত্ৰী থিৰাপাথ মংকলনাভিন।নতুন দিল্লীৰ থাই ৰাষ্ট্ৰদূত ভৱনৰ পৰা অহা থিৰাপাথ থাই সংহতি অভিযানৰো উপ প্ৰধান।

৬০০ বছৰীয়া আহোম শাসনকালৰ সোণালী স্বাক্ষৰ সমূহ পৰিদৰ্শনৰ উদ্দেশ্যে শিৱসাগৰত উপস্থিত ৰাষ্ট্ৰদূত গৰাকীয়ে আজি ঐতিহাসিক শিৱ দৌল, এছিয়াৰ প্ৰথম ক্ৰীড়াঙ্গণ ৰংঘৰ,আহোম ৰাজভৱন তলাতল ঘৰ পৰিদৰ্শন কৰে।লগতে শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত টাই যাদুঘৰ পৰিদৰ্শন কৰি আহোম যুগৰ বিভিন্ন সামগ্ৰী, বস্ত্ৰ,মুদ্ৰা আদি বিভিন্ন পুৰণি সামগ্ৰী পৰিদৰ্শন কৰে।শিপাৰ সন্ধানত অহা এইজন সংহতি অভিযানৰ উপ প্ৰধানে পৰৱৰ্তী সময়ত অধিক প্ৰস্তুতিৰে অসমলৈ আহি একালৰ তেওঁলোকৰ মূলৰ লোকে স্থাপন কৰা আহোম ৰাজ্যৰ সভ্যতা-সংস্কৃতিৰ অধ্যয়ণ কৰিব।এনে ভ্ৰমণে দুয়োখন দেশৰ মাজত সাংস্কৃতিক বিনিময় তৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Bite - ভবেন্দ্ৰনাথ মহন

তেখেতৰ লগত আহিছে ভাৰতত থকা থাই ৰাষ্ট্ৰদূত কাৰ্যালয়ৰ বিত্তীয় সহায়ক ডঃ আৰেনলা।আজি
শিৱসাগৰ জিলাৰ উপায়ুক্ত ডঃ এছ. লক্ষ্মণন, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, আহোম জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ লগতে জিলা আৰু আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকি ৰাষ্ট্ৰদূত জনক উষ্ম আদৰণি জনায়।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.