আমগুৰি, ৫ ছেপ্তেম্বৰ : আজি পবিত্ৰ শিক্ষক দিৱস । এই দিনটোতে ছাত্ৰ-ছাত্ৰীসকলে শ্ৰদ্ধাৰে সুঁৱৰিছে শিক্ষকসকলক ৷ শিক্ষক দিৱস উপলক্ষে দেওবাৰে আমগুৰিত গ' গ্ৰীণ ৰটাৰী ক্লাবৰ উদ্যোগত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷
![teachers-day-celebrate-at-amguri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12973929_k.jpg)
আমগুৰি লেভেল ক্ৰচিঙৰ পৰা অনুষ্ঠিত হোৱা এই মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰে দৌৰবিদ অভিজিত বৰুৱাই । অনুষ্ঠানত প্ৰবীণ ক্ৰীড়াবিদ অনন্ত কাকতিয়ে অংশগ্ৰহণ কৰি প্ৰতিযোগীসকলক উৎসাহিত কৰে ।
আমগুৰি সমষ্টিভিত্তিক অনুষ্ঠিত এই দৌৰ প্ৰতিযোগিতাত প্ৰায় দুই শতাধিক কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাত পুৰুষৰ শাখাত ক্ৰমে প্ৰথম তিনিটা স্থান দখল কৰে ৰিংকু বৰগোঁহাই, মনোজ গগৈ আৰু অনুপম বৰাই ৷ আনহাতে মহিলাৰ শাখাত মণিষা দাসে প্ৰথম, শেৱালি পাচনীয়ে দ্বিতীয় আৰু শিল্পীশিখা বৰুৱাই তৃতীয় স্থান লাভ কৰে ।
![teachers-day-celebrate-at-amguri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-amg-801-807-5-sept-teachersday-celebration-visual-bite-photo-samiran-duarah_05092021085020_0509f_1630812020_939.jpg)
লগতে পঢ়ক : হোজাইৰ প্ৰথমগৰাকী শিক্ষকলৈ 2021 বৰ্ষৰ কৃতি শিক্ষক বঁটা