ETV Bharat / state

লক্ ডাউন নীতি ভংগ কৰি উদ্বোধনী সভা পাতিলে তপন গগৈ-যোগেন মহনে

শিমলুগুৰি পৌৰসভাৰ নৱনিৰ্মিত সভা গৃহৰ লগতে নগৰৰ মাজমজিয়াত হাই মাষ্ট লাইট উদ্বোধন যোৰহাট লোকসভা সমষ্টিৰ সাংসদ আৰু মাহমৰা সমষ্টিৰ বিধায়কৰ । শনি-দেওবাৰীয়া লক ডাউনৰ মাজতে এনেদৰে সভা অনুষ্ঠিত কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

tapan gogoi inaugurated community hall at simalugari

author img

By

Published : Aug 17, 2020, 4:35 AM IST

নাজিৰা, ১৬ আগষ্ট : দেওবাৰে সন্ধিয়া শিৱসাগৰ জিলাৰ শিমলুগুৰি নগৰ সমিতিৰ কাৰ্যালয়ত শিমলু সভাকক্ষ নামৰ এটি ভৱন শুভ উদ্বোধন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়ে। সভাকক্ষ উদ্বোধনৰ লগতে শিমলুগুৰি নগৰ সমিতিৰ ৱেৱছাইট আৰু নগৰৰ মাজমজিয়াত নৱনিৰ্মিত হাই মাষ্ট লাইট উদ্বোধন কৰে সাংসদগৰাকীয়ে ৷ অনুষ্ঠানত সাংসদ তপন গগৈৰ লগতে উপস্থিত থাকে গড়কাপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈ আৰু নাজিৰাৰ মহকুমাধিপতিৰ সম্প্ৰীতি গোস্বামী ৷

সাংসদ তপন গগৈৰ মন্তব্য

অসম চৰকাৰৰ মুখ্য সচিবে কৰ’ণা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰ আৰু দেওবাৰে যি বন্ধৰ নিৰ্দেশাৱলী দিছিল সেই নিৰ্দেশাৱলীক গুৰুত্ব প্ৰদান নকৰি আজি সাংসদ তপন গগৈ আৰু মন্ত্ৰী যোগেন মোহনে চৰকাৰৰ নীতি উলংঘা কৰি উদ্বোধনী কাৰ্যসূচী গ্ৰহণ কৰাক লৈ দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইয়াৰোপৰি নিজৰ সমষ্টিৰ বিধায়ক জনক অৰ্থাৎ শইকীয়াক নিমন্ত্ৰণ নকৰাকৈ এনেদৰে মন্ত্ৰী আৰু সাংসদ আহি উদ্ধোধন কৰাটো পৰিতাপৰ বিষয় বুলি মত প্ৰকাশ কৰে বিৰোধী দলপতি গৰাকীয়ে ।

দেৱব্ৰত শইকীয়াৰ মন্তব্য

আনহাতে কৰ’ণাৰ ভয়াৱহতাৰ মাজতে এনে চৰকাৰী কাৰ্যসূচীত অংশ লোৱা বিষয়টোত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : তিনি নাবালক পুত্ৰক নদীত দলিয়াই নিজেও জাপ দিলে পিতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.