ETV Bharat / state

শিলত ছবি আঁকি ৰেকৰ্ড শিৱসাগৰৰ যুৱতীৰ

অসমৰ চাৰিটাকৈ কীৰ্তিচিহ্ন এটা শিলতে অংকন কৰি চৰ্চা লাভ কৰিছে এগৰাকী যুৱতীয়ে । লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে যুৱতীগৰাকী । কোন সেইগৰাকী যুৱতী ?

author img

By

Published : Aug 18, 2021, 5:30 PM IST

Sivsagar
শিলত ছবি আঁকি ৰেকৰ্ড শিৱসাগৰৰ যুৱতীৰ

শিৱসাগৰ,১৮ আগষ্ট : শিলত চিত্ৰ অংকন কৰি উজলিছে অসমৰ এগৰাকী যুৱতী । আহোম যুগৰ কীৰ্তিচিহ্ন অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত (India book of records) নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে যুৱতীগৰাকী । যুৱতীগৰাকী হৈছে শিৱসাগৰৰ চেৰেকাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাঁহচৰা লংকাক গোঁহাই গাঁৱৰ এলিভা বুঢ়াগোঁহাই । এটা ৮ ছে:মি: দৈৰ্ঘ্যৰ শিলত চাৰিটাকৈ আহোম যুগৰ ঐতিহাসিক কীর্তিচিহ্ন (kirtimark) অংকন কৰিছিল এলিভাই ।

ইফালে চিত্ৰাংকনৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে এলিভাই অংকন কৰা নিখুঁত ছবিৰ বাবে এতিয়া বহু লোকৰ প্ৰশংসাৰ পাত্ৰ হৈছে এলিভা । শিৱসাগৰৰ ছোৱালী মহাবিদ্যালয়ৰ পৰা শিক্ষা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা এলিভা এগৰাকী ফেচন ডিজাইনাৰ (Fashion Designer) । ছশ বছৰীয়া আহোম স্বৰ্গদেউসকলৰ গৌৰৱময় ইতিহাসৰ প্ৰতি আকৃষ্ট এলিভা । যাৰ বাবে সৰু সৰু শিলত এলিভাৰ হাতৰ পৰশত প্ৰাণ পায় উঠিছে ঐতিহাসিক কীর্তিচিহ্নসমূহ ।

শিলত ছবি আঁকি ৰেকৰ্ড শিৱসাগৰৰ যুৱতীৰ

উল্লেখ যে,পূর্বেও বহুতে এনেদৰে শিলত চিত্ৰ অংকন কৰিছে যদিও একেটা শিলত চাৰিটা কীর্তিচিহ্ন অংকন কৰা এলিভাই প্রথম চিত্ৰশিল্পী । লংকাক গোঁহাই গাঁৱৰ নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎ বুঢ়াগোঁহাই আৰু সুনিমা বুঢ়াগোঁহাইৰ জ্যেষ্ঠ কন্যা এলিভাৰ ভৱিষ্যতে এগৰাকী সফল ফেচন ডিজাইনাৰ হোৱাৰ সপোন আছে । এলিভাৰ এই সফলতাকলৈ এতিয়া আনন্দিত শিৱসাগৰবাসী ।

লগতে পঢ়ক :এগৰাকী প্ৰাক্তন প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.