ETV Bharat / state

শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ স্মৃতিত শিৱসাগৰত স্থাপন কৰা হ’ব আৱক্ষ মূৰ্তি

author img

By

Published : Jul 4, 2021, 10:55 PM IST

ভাষা আন্দোলনৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ ৬১ সংখ্যক মৃত্যু দিৱসত শিৱসাগৰত আছু, সদৌ অসম সাহিত্য সভাই শ্বহীদ গৰাকীৰ স্মৃতিত আৱক্ষ মূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ নিজ মাতৃভাষাৰ বাবে প্ৰাণৰ আহুতি দিয়া শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ বিষয়ে অসমৰ নতুন প্ৰজন্মৰ বেছিভাগেই নজনাৰ অভিযোগ প্ৰায়েই উত্থাপিত হোৱাৰ বাবেই এই সিদ্ধান্ত আছু, সাহিত্য সভাৰ ৷

statue-to-be-constructed-in-memory-of-martyr-ranjit-borpujari
শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ স্মৃতিত শিৱসাগৰত নিৰ্মাণ কৰা হ’ব আবক্ষ মূৰ্তি

শিৱসাগৰ, 4 জুলাই : দেওবাৰ 4 জুলাই তাৰিখে ৰাজ্যজুৰি পালন কৰা হ’ল অসমৰ ভাষা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ ৬১ সংখ্যক মৃত্যু তিথি । ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদৰ মৃত্যু তিথিটোত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছে শিৱসাগৰ ছাত্ৰ সন্থাই । উল্লেখযোগ্য যে , ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত ৪ জুলাইৰ দিনা সেই সময়ৰ কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পি. বি. পাব্বী(SP P. B. Pabbi )য়ে কটন কলেজৰ হোষ্টেল(Cotton college hostel) কেম্পাচৰ ভিতৰতেই নিৰ্বিচাৰ গুলীচালনাৰে ৰঞ্জিত বৰপুজাৰীক হত্যা কৰিছিল ।

ভাষা আন্দোলনৰ ভৰপকৰ সময়ৰ এই ঘটনাটোক এটা সম্পূৰ্ণ পৰিকল্পিত ৰাজনৈতিক(well planned political murder) বুলি সন্দেহ কৰা হৈছিল । কটনত পঢ়ি জীৱন গঢ়িবলৈ যোৱা ৰঞ্জিত বৰপূজাৰী নামৰ এই ছাত্ৰজন শ্বহীদ হ'ল ৷ কিন্তু ভাষা আন্দোলনৰ এই প্ৰথম শ্বহীদজনৰ প্ৰতি যেন এচাম ৰাইজৰ কৰ্তব্য মৃত্যু তিথিটোত শ্বহীদবেদীত ধূপ- চাকি জ্বলোৱাতে সীমাবদ্ধ হৈ থাকিল বুলিও সচেতন মহলে অভিযোগ কৰে ।

অৱশ্যে, তেওঁক সন্মান দিয়েই কটন কলেজেত পৰৱৰ্তী সময়ত তেওঁৰ নামত এটা ছাত্ৰাবাস আৰু তেওঁক হত্যা কৰা স্থানত এটা শ্বহীদবেদী নিৰ্মাণ কৰা হৈছিল । নিজ মাতৃভাষাৰ বাবে প্ৰাণৰ আহুতি দিয়া শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ বিষয়ে অসমৰ নতুন প্ৰজন্মৰ বেছিভাগেই নজনাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈছে ।

আনকি, শ্বহীদ জনৰ জন্মস্থান শিৱসাগৰতো তেওঁৰ বিষয়ে ভালদৰে জনা মানুহৰ অভাৱ পৰিলক্ষিত হোৱাত মৃত্যুৰ ৬১ বছৰৰ পিছত শিৱসাগৰ ছাত্ৰ সন্থাই সিদ্ধান্ত লৈছে শ্বহীদ গৰাকীৰ নামত এটি আৱক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ । দেওবাৰে কেন্দ্ৰীয় শ্বহীদ উদ্যানত এই কথা ঘোষণা কৰিলে ছাত্ৰ সন্থাই । ইফালে, শিৱসাগৰৰ বাসগৃহতো গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় শ্বহীদ গৰাকীলৈ । শিৱসাগৰ জিলা সাহিত্য সভায়ো পৰিয়ালৰ সহযোগত নিৰ্মাণ কৰিব আন এটা আৱক্ষ মূৰ্তি ।

লগতে পঢ়ক : কাশ্মীৰত এইবাৰ হাইব্ৰিড সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.