ETV Bharat / state

কেলেংকাৰীত জড়িতৰ প্ৰমাণ দিলে দ'লমুখত আঁঠু ল'ব শৃংখল চলিহাই

author img

By

Published : Aug 28, 2021, 6:38 PM IST

Updated : Aug 28, 2021, 7:13 PM IST

চিতু বৰুৱাৰ অভিযোগৰ প্ৰত্যুত্তৰ দিলে সাংগঠনিত সম্পাদক শৃংখল চলিহাই ৷ চিতু বৰুৱাই উত্থাপন কৰা অভিযোগক ভিত্তিহীন আখ্যা দি শৃংখল চলিহাই কয়, তেওঁৰ বিৰুদ্ধে ডাম্পাৰ কেলেংকাৰী সংঘটিত কৰাৰ যি অভিযোগ উত্থাপন কৰা হৈছে, সেই অভিযোগ তথ্য সহকাৰে প্ৰমাণ কৰি দেখুৱাক ৷

srinkhal chaliha reaction againts situ baruah allegation
কেলেংকাৰীত জড়িতৰ প্ৰমাণ দিলে দ'লমুখত আঁঠু ল'ব শৃংখল চলিহাই

নিউজ ডেস্ক, 28 আগষ্ট : সদ্য পদত্যাগী বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলাৰ সভাপতি চিতু বৰুৱাৰ অভিযোগৰ প্ৰত্যুত্তৰ দিলে লাচিত সেনাৰ সাংগঠনিত সম্পাদক শৃংখল চলিহাই ৷ যোৱা শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি শিৱসাগৰত সংঘটিত হোৱা ডাম্পাৰ কেলেংকাৰীৰ সৈতে শৃংখল চলিহা জড়িত থকাৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল চিতু বৰুৱাই ৷

এই অভিযোগ উত্থাপন কৰিয়ে শতাধিক সদস্যক লগত লৈ সংগঠন ত্যাগ কৰিছিল শিৱসাগৰ জিলাৰ বীৰ লাচিত সেনাৰ সভাপতি গৰাকীয়ে ৷ শৃংখল চলিহাৰ বিৰুদ্ধে চিতু বৰুৱাই উত্থাপন কৰা এই অভিযোগে শিৱসাগৰৰ লগতে সমগ্ৰ অসমৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক: জনী আলীৰ ঘৰত ওপজা দিনৰ পাৰ্টীত কেক্, প্ৰীতিভোজৰ ঠাই ল’লে ড্ৰাগছে

চিতু বৰুৱাই উত্থাপন কৰা অভিযোগক ভিত্তিহীন আখ্যা দি শৃংখল চলিহাই কয়, ডাম্পাৰ কেলেংকাৰী সংঘটিত কৰাৰ যি অভিযোগ উত্থাপন কৰা হৈছে, সেই অভিযোগ তথ্য সহকাৰে প্ৰমাণ কৰি দেখুৱাক ৷ ইয়াৰ লগতে, ডাম্পাৰ কেলেংকাৰীৰ সৈতে জড়িত থকা প্ৰমাণ যদি চিতু বৰুৱাই দিব পাৰে তেন্তে দলমুখত আঁঠু ল'ম বুলি স্পষ্ট কৰি দিছে বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই ৷

'ডাম্পাৰ বাদেই, ৰিক্সা কেলেংকাৰীতো মই জড়িত নাই ৷ ডেৰকোটি টকাৰ এটকাও যদি খোৱাৰ প্ৰমাণ দিব পাৰে, দৌলৰ সন্মুখত আঁঠু কাঢ়িম ।' সংবাদমেলত এই মন্তব্য কৰে শৃংখল চলিহাই । ইফালে, ৰন্টু পানীফুকনে সংবাদমেলৰ জৰিয়তে স্থিতি স্পষ্ট কৰিব জানিবলৈ দিয়াৰ লগতে ৰন্টু পানীফুকনো যদি দোষী সাব্যস্ত হয়, তেন্তে বীৰ লাচিত সেনাই তাৰো বিৰোধীতা কৰিব বুলি মন্তব্য প্ৰকাশ কৰে শৃংখল চলিহাই ৷

লগতে পঢ়ক : দিশপুৰত প্ৰমোদ বড়ো: পুনৰ হাগ্ৰামাৰ দখললৈ বড়োভূমি !

উল্লেখ্য যে, শুকুৰবাৰে বীৰ লাচিত সেনাৰ পৰা পদত্যাগ কৰাৰ পাচতে সাংবাদিকৰ আগত কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল চিতু বৰুৱাই ৷ বিশেষকৈ চাৰিলেন যুক্ত পথ নিৰ্মাণত ব্যৱহৃত কোটি টকীয়া ডাম্পাৰ কেলেংকাৰীত ৰন্টু পানীফুকন আৰু শৃংখল চলিহা জড়িত থকাৰ বিস্ফোৰক অভিযোগ আনিছিল বিদায়ী বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে ।

চিতু বৰুৱাৰ অভিযোগ অনুসৰি, বিহাৰৰ তৌফিক আলমৰে বুজাবুজিত ৰন্টু পানীফুকন আৰু শৃংখল চলিহাই অসমৰ খিলঞ্জীয়া লোকৰ পৰা কোটি কোটি টকা ডাম্পাৰৰ নামত সংগ্ৰহ কৰি আত্মসাৎ কৰিছে ৷ ডাম্পাৰ কেলেংকাৰীত দুয়োগৰাকী নেতা জড়িত থকাৰ বহু কেইটা বিস্ফোৰক অডিঅ' ক্লীপো মজুত কৰি থোৱা কথা প্ৰকাশ কৰিথিল চিতু বৰুৱাই ৷

লগতে পঢ়ক: OLX ত সামগ্ৰী ক্ৰয় অথবা বিক্ৰী কৰোঁতে হওক সাৱধান

ইয়াৰোপৰি চিতু বৰুৱাৰ পৰাও ডাম্পাৰৰ নামত 3.5 লাখ সংগ্ৰহ কৰা অভিযোগ কৰাৰ লগতে অসম আৰক্ষীয়ে এই কেলেংকাৰী তদন্তৰ আওতালৈ আনিলে আৰু বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিব স্পষ্ট মন্তব্য প্ৰকাশ কৰিছিল চিতু বৰুৱাই ৷

অৱশ্যে এই কেলেংকাৰীৰ অভিযোগ পদবীত থকাৰ সময়ত কিয় ফাদিল কৰা নহ'ল সেই সন্দৰ্ভত স্পষ্ট মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে চিতু বৰুৱা ৷ মন কৰিবলগীয়া য়ে, ৰন্টু পানীফুকন আৰু শৃংখল চলিহাৰ বিৰুদ্ধে যি কেলেংকাৰী কথা সদৰি কৰিছে, সেই কেলেংকাৰী 2018 চনতে সংঘটিত হোৱা বুলি স্পষ্ট কৰি দিছে চিতু বৰুৱাই ৷

লগতে পঢ়ক: ঠিকাদাৰক এসপ্তাহৰ ভিতৰত জলজীৱন মিছনৰ এশ শতাংশ সম্পূর্ণ কৰাৰ নিৰ্দেশ

Last Updated : Aug 28, 2021, 7:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.