ETV Bharat / state

মূল্যাংকন পদ্ধতিৰ বিৰুদ্ধে সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি - শিক্ষা বিভাগৰ শেহতীয়া সিদ্ধান্ত

শিক্ষা বিভাগে শেহতীয়াকৈ ঘোষণা কৰা মূল্যাংকন পদ্ধতি বাতিল কৰাৰ দাবীত দেওবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সম্বোধন কৰে এখন সংবাদমেল ৷ দাবী সমূহ মানি নল’লে প্ৰবল আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ সদস্যসকলৰ ৷

smss-reacts-to-education-departments-latest-decision-on-evaluation
শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি
author img

By

Published : Jul 4, 2021, 10:36 PM IST

শিৱসাগৰ, 2 জুলাই : আগন্তুক হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়ন পদ্ধতি সন্দৰ্ভত শিক্ষা বিভাগে কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ মাজতে শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দেওবাৰে শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এখন সংবাদ মেল সম্বোধন কৰে ৷ সংবাদমেল যোগে শিক্ষা বিভাগে ঘোষণা কৰা মূল্যাংকন পদ্ধতি বাতিল কৰাৰ দাবী কৰে সংগঠনটোৰ নেতা সকলে ৷ শিক্ষাৰ্থীক পণবন্দী কৰা এই ধৰণৰ মূল্যায়ন পদ্ধতি বাতিল নকৰিলে প্ৰতিবাদৰ হুংকাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷

উল্লেখ্য যে, শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজন কৰা সংবাদমেল খন সম্বোধন কৰে ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল আৰু যুটীয়া সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু দেবব্ৰত শইকীয়াই ৷ সংবাদমেলৰ জড়িয়তে অসম চৰকাৰৰ শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়নৰ বাবে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিয়ে দিয়া আসোঁৱাহপূর্ণ সিদ্ধান্ত বাতিলৰ দাবী জনাইছে সংগঠনটোৰ নেতা কেই গৰাকীয়ে ৷ লগতে শিক্ষা বিভাগৰ এই আসোঁৱাহপূর্ণ সিদ্ধান্তই লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ প্ৰতি অনিশ্চয়তা নমাই আনিব বুলি মন্তব্য কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷

শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

উল্লেখ্য যে, এই বৰ্ষত 4 লাখ 50 হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত আৰু 2 লাখ 42 হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱৰ্তীৰ্ণ হ'ব ৷ কিন্তু শিক্ষা বিভাগৰ শেহতীয়া সিদ্ধান্তই এইসকল ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ অন্ধকাৰ নমাই আনিব বুলি মন্তব্য কৰিছে নেতা কেইগৰাকীয়ে ৷ লগতে সংবাদ মেলৰ জড়িয়তে সংগঠনটোৰ শীর্ষ নেতৃত্বই অতিশীঘ্ৰে ছাত্ৰ বিৰোধী সিদ্ধান্ত বাতিল কৰি ছাত্ৰ-ছাত্ৰীসকলক একেবাৰতে পাছ কৰাই ভৱিষ্যত সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ৷

আনহাতে, চৰকাৰ তথা শিক্ষা বিভাগে অতি শীঘ্ৰে এই সন্দৰ্ভত সঠিক সিদ্ধান্ত গ্ৰহণ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ মুক্তিয়ে ৷ এই আসোঁৱাহপূর্ণ সিদ্ধান্ত বাতিল কৰিবই লাগিব হংকাৰ সংগঠোনটোৰ সদস্যসকলৰ ৷ ছাত্ৰ-ছাত্ৰীসকলক মানসিক চাপ দিয়া আৰু শংকাৰ মাজলৈ ঠেলি দিয়াৰ অধিকাৰ শিক্ষা বিভাগৰ অধিকাৰ নাই বুলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ নেতা কেইজনে ৷

লগতে পঢ়কঃ নামছাঙত চুলাই সহ ছয় জন সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.