ETV Bharat / state

১৪ ডিচেম্বৰলৈ শিৱসাগৰত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান - শিৱসাগৰ

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে শিৱসাগৰৰ বিভিন্ন স্থানত অব্যাহত আছে প্ৰতিবাদ ।

SIVSAGAR PROTEST
১৪ ডিচেম্বৰলৈ শিৱসাগৰত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান
author img

By

Published : Dec 12, 2019, 8:44 PM IST

শিৱসাগৰ, 12 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰেও উত্তাল হৈ থাকে শিৱসাগৰ ৷ বৃহস্পতিবাৰে পুৱা শিৱসাগৰ নগৰৰ দ'লমুখ, ষ্টেচন চাৰিআলি, জেঙনিকটীয়া, বাবুপট্টি, ৰংঘৰ চাৰিআলিৰ লগতে বিভিন্ন স্থানত কেব কোনোপধ্যে মানি নোলোৱাৰ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী জনতাই । একাধিক স্থানত প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইফালে জিলা প্ৰশাসনে আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে সমগ্ৰ জিলাখনত অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিছে । শিৱসাগৰ নগৰৰ প্ৰায় প্ৰতিটো চুবুৰী, চাৰিআলিত নিৰাপত্তা বাহিনীৰ জোৱান নিয়োজিত কৰিছে প্ৰশাসনে ।

১৪ ডিচেম্বৰলৈ শিৱসাগৰত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান

বিভিন্ন দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদৰ ফলত আজি শিৱসাগৰ নগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয় বন্ধ থাকে । অ' এন জি চিৰ স্বাভাৱিক কাম কাজ ব্যাহত হোৱাৰ লগতে ৰেল সেৱা বাতিল কৰাত জিলা খনৰ সৈতে বৰ্হি বিশ্বৰ সংযোগ প্রায় বিচিন্ন হৈ পৰে । সোমবাৰৰ পৰা ধাৰাবাহিক বন্ধৰ বাবে নৈশ বাছ সেৱাও জিলাখনত বন্ধ হৈ আছে । সমান্তৰালভাৱে বুধবাৰৰ সন্ধিয়া ৭ বজাৰ পৰা জিলাখনত বন্ধ কৰি ৰখা হৈছে মোবাইল ইণ্টাৰনেট সেৱা । শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনত ১৪৪ ধাৰা জাৰী কৰাৰ লগতে ১৪ ডিচেম্বৰলৈ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধৰ ঘোষণা কৰিছে ।

Intro:Body:নাগৰিকত্ব সংশোধনী বিধেয়ক:উত্তাল শিৱসাগৰ:বিধেয়ক বাতিল কৰাৰ দাবীত ৰাইজৰ প্ৰতিবাদ অব্যাহত

Syory-CAB_PROTEST
Ananta Smith
Sivasagar
12th December

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আজিও উত্তাল হৈ আছে শিৱসাগৰ।

কালি বিধেয়ক গৃহীত হোৱাৰ পাছৰে পৰা বিভিন্ন দল সংগঠন আৰু ৰাইজে বিধেয়কখনৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ কৰি আছে।

আজি পুৱা এই ৰাইজে শিৱসাগৰ নগৰৰ একাধিক স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ সমান্তৰাল ভাৱে ৰাইজে দলমুখ,ষ্টেচন চাৰি আলি,জেঙনিকটিয়া,বাবুপট্তি,ৰংঘৰ চাৰিআলি আদিকে ধৰি স্থানত প্ৰতিবাদ কৰি কেব নেমানো ধননিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে জিলা প্ৰশাসনে আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে সমগ্ৰ জিলা খনত অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিছে।শিৱসাগৰ নগৰৰ প্ৰায় প্ৰতিটো চুবুৰী,চাৰিআলিত নিৰাপত্তা বাহিনীৰ জোৱান নিয়োজিত কৰিছে প্ৰশাসনে।বিভিন্ন দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদৰ ফলস্বৰূপে আজিও শিৱসাগৰ নগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ,চৰকাৰী কাৰ্যালয় আদি বন্ধ থাকে।অ এন জি ৰ স্বাভাৱিক কাম কাজ ব্যাহত হোৱাৰ লগতে আজিৰ আটাইকেইখন ৰেল বাতিল কৰাত জিলা খনৰ সৈতে বৰ্হি বিশ্বৰ সংযোগ প্রায় নাইকিয়া হৈ আছে।সোমবাৰৰ পৰা ধাৰাবাহিক বন্ধৰ বাবে নৈশ বাছ সেৱাও জিলা খনত বন্ধ হৈ আছে।সমান্তৰাল ভাৱে মোবাইল ইণ্টাৰনেট সেৱা জিলা খনত কালি সন্ধিয়া ৭ বজাৰ পৰা ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি ৰখা হৈছে।

শিৱসাগৰ জিলা প্ৰশাসনে জিলা খনত ১৪৪ ধাৰা জাৰী কৰিছে আৰু পৰিবেশ শান্ত নোহোৱা পৰ্য্যন্ত ১৪ ডিচেম্বৰ পৰ্যন্ত সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ থাকিব বুলি ঘোষণা কৰিছে।

Bite:সমীৰণ ফুকন/আছুConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.