শিৱসাগৰ , 6 মাৰ্চঃ শুকুৰবাৰে যৌথ সংগ্ৰামী মঞ্চ জিলা সমিতিৰ উদ্যোগত পুনৰ "CAA" ৰ বিৰোধীতাৰে উত্তাল হৈ পৰিল শিৱসাগৰ ৷ জিলাখনৰ দ'লমুখ চাৰিআলিস্থিত ভূপেন হাজৰিকাৰ প্রতিমূর্তিৰ সন্মুখত "CAA" ৰ বিৰোধীতাৰ লগতে অখিল গগৈৰ অসুস্থতাৰ বাবে চৰকাৰে উচিত চিকিৎসা গ্ৰহণ নকৰাৰ বিৰোধীতা কৰি 3 ঘন্টীয়া প্রতিবাদ সাব্যস্ত কৰে কেবাটাও সংগঠনে ৷ সকলো সংগঠন একত্ৰিত হ'লেহে "CAA" বিৰোধী সংগ্রামখনত জয়লাভ কৰিব পৰা যাব বুলি প্ৰতিবাদস্থলীৰ পৰা মত প্ৰকাশ কৰে প্ৰতিবাদকাৰীয়ে ৷ ইয়াৰোপৰি, আগন্তুক ২১ চনৰ নির্বাচনত সর্বকালৰ ব্যর্থ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক গাদী সহিতে ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব বুলি মন্তব্য কৰে, বীৰ লাচিত সেনাৰ নেতৃত্ব শৃংখল চলিহাই ৷
লগতে পঢকঃ অসম বাজেট 2020-21 : থোৰতে চিকিৎসাখণ্ড