ETV Bharat / state

শিৱসাগৰত আৰক্ষীৰ অভিযানত উদ্ধাৰ 7 টা চুৰি ম'হ - Sivsagar Police recoverd a truck with seven Buffalo

সোমবাৰে নিশা শিৱসাগৰ আৰক্ষীৰ অভিযানত ৭ টা গোনা ম'হ উদ্ধাৰ ৷ ঘটনাৰে জড়িত পাঁচটা চোৰক আটক (Buffalo thief arrested in Sivasagar) কৰে আৰক্ষীয়ে ৷

আৰক্ষীৰ অভিযানত চোৰাং ম’হ জব্দ
আৰক্ষীৰ অভিযানত চোৰাং ম’হ জব্দ
author img

By

Published : Dec 29, 2021, 12:01 PM IST

শিৱসাগৰ, 29 ডিচেম্বৰ : পশুধনৰ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে প্ৰণয়ন কৰিছে আইন ৷ তাৰপিছতো কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে গৰু-ম'হৰ চোৰাং বেহা ৷ সোমবাৰে নিশা শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত চলোৱা এক অভিযানত দিচাংমুখৰ পৰা প্ৰায় ৭ টা চুৰি গোনা ম'হ উদ্ধাৰ কৰা হয় ৷ ঘটনাৰে জড়িত পাঁচটা চোৰক ইতিমধ্যে আটক (Buffalo thief arrested in Sivasagar) কৰে আৰক্ষীয়ে ৷

আৰক্ষীৰ এই অভিযানৰ পিছতে জিলাখনত চলি থকা গৰু-ম'হৰ চোৰাং বেহাৰ বহু তথ্য পোহৰলৈ আহে ৷ বৰ্তমান এই ঘটনাৰ লগত জড়িত পাঁচটা চোৰ ক্ৰমে মৰিগাঁৱৰ মহম্মদ আজাহুদ্দিন আহমেদ (৩৪), মহম্মদ মহিদুল আলী (২৮), মহম্মদ হিপজুৰ ৰহমান (২৯), শিৱসাগৰ ডিমৌমুখৰ ছফিকুল আলী (৪৫) আৰু শিৱসাগৰ হনুমান মন্দিৰৰ সমীপৰ ৰাজেশ কুমাৰ মাহাতো(৩৬) বুলি জানিব পৰা গৈছে ৷ বিগত বহুদিন ধৰি গৰু-ম'হৰ চোৰাং বেহাৰ লগত জড়িত আছিল পাঁচজনীয়া চোৰৰ দলটো ৷

আৰক্ষীৰ অভিযানত চোৰাং ম’হ জব্দ

জানিব পৰা মতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চুৰি কৰি আনি দিচাংমুখত ট্ৰাকত ম'হকেইটা তুলিবলৈ লওঁতে আৰক্ষীয়ে চোৰৰ দলটোক কৰায়ত্ত কৰে ৷ দলটোৱে ব্যৱহাৰ কৰা BR 01 GC 9079 নম্বৰৰ ট্ৰাকখন (Sivsagar Police recoverd a truck) ৰ লগতে AS 02 P 8408 নম্বৰৰ এখন মাৰুতী এল্ট’ বাহনখনো জব্দ কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে, চোৰৰ দলটোৱে আৰক্ষীক দেখা মাত্ৰকে পলায়নৰ চেষ্টা চলায় ৷ কিন্তু আৰক্ষীয়ে দলটোক খেদি খেদি শিৱসাগৰৰ ভটীয়াপাৰত কৰায়ত্ত কৰিবলৈ সক্ষম হয় । সম্প্ৰতি জব্দ কৃত বাহন দুখন আৰক্ষীয়ে থানালৈ নিয়াৰ লগতে চোৰকেইটাৰ জেৰা অব্যাহত ৰাখিছে । আৰক্ষীয়ে দিচাংমুখৰ ডবা আলী নামৰ এজন লোকৰ নেতৃত্বত জিলাখনত পশুধনৰ চোৰাং বেহা চলি অহা বুলি অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক : Cattle smuggling: নলবাৰীৰ ঘগ্ৰাপাৰত গৰুভৰ্তি বাহনসহ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.