ETV Bharat / state

আৰক্ষীৰ জালত মষ্ট ৱাণ্টেড বদং বাহিনী - ডকাইতৰ দল বদং বাহিনী

শিৱসাগৰৰ বদং বাহিনী অৱশেষত আৰক্ষীৰ জালত ৷ বদঙৰ সহযোগী ডকাইতকে ধৰি 7 জনকৈ ডকাইতক আটক শিৱসাগৰ আৰক্ষীৰ (Sivsagar Police arrested most wanted gang Bandang Bahini) ৷ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু ৷

sivsagar-police-arrested-most-wanted-gang-bandang-bahini
মষ্ট ৱাণ্টেড বদং বাহিনী
author img

By

Published : Mar 20, 2022, 12:02 PM IST

শিৱসাগৰ, 20 মাৰ্চ: শিৱসাগৰবাসীৰ নিদ্ৰাহৰণ কৰা বদং বাহিনী অৱশেষত পৰিল আৰক্ষীৰ জালত ৷ বদঙৰ পাঁচ সহযোগী ডকাইতক আটক কৰিলে শিৱসাগৰ আৰক্ষীয়ে (Sivsagar Police arrested most wanted gang Bandang Bahini) ৷ জানিব পৰা মতে, শিৱসাগৰ আৰক্ষীয়ে শনিবাৰে নিশা বামুণবাৰী বাগানত আত্মগোপন কৰি থকা অৱস্থাত সহযোগী ডকাইত পাঁচটাক আটক কৰে ৷

বিগত ২৮ ফেব্ৰুৱাৰীৰ নিশা শিৱসাগৰৰ পোনজান পথত সংঘটিত ডকাইতি কাণ্ডত জড়িত আছিল এই ডকাইতৰ দলটো ৷ ডকাইতৰ দলটোত আছে ক্ৰমে জাপিসজীয়া গাঁৱৰ নিৱাসী ইকৰাম আলী ওৰফে বদং, চামচুল আলী, জালালউদ্দিন আহমেদ, আখতাৰ হুছেইন আৰু নেবুল হুছেইন ওৰফে ফেঁটী ৷ উক্ত ডকাইতৰ দলটোৰ নেতৃত্ব বহন কৰিছিল বাবা লাহন আৰু আৰিফ খানে ৷

সম্প্ৰতি আটাইকেইটা ডকাইতকে শিৱসাগৰ সদৰ থানাত ৰাখি জেৰা অব্যাহত ৰখা হৈছে ৷ ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯৫ নং ধাৰাত ১০৫ / ২২ নং গোচৰ ৰুজু কৰি শিৱসাগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ ডকাইতৰ দলটোৰ নেতৃত্ব বহনকাৰীৰ সৈতে আৰক্ষীয়ে কৰায়ত্ত কৰা মুঠ ডকাইতৰ সংখ্যা হৈছে 7 গৰাকী ৷

লগতে চাওক: মতানৈক্যৰ বাবেই দাৰে ঘপিয়ালে মাতৃ-ভগ্নীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.