ETV Bharat / state

শিৱসাগৰত অএনজিচি(ONGC)ৰ পৰা নিৰ্গত বিষাক্ত দ্ৰৱ্যই বুৰালে আৱাসিক এলেকা

author img

By

Published : Jun 8, 2021, 9:51 PM IST

অএনজিচি(ONGC)ৰ জিজিএচৰ পৰা নিৰ্গত বিষাক্ত ৰাসায়নিক পদাৰ্থত বুৰ গ'ল শিৱসাগৰৰ এক বৃহৎ আৱাসিক এলেকা ৷ কৃষকৰ মাজত হাহাকাৰ ৷ বাৰীৰ শাক, পাচলি, গছ-গছনিৰ বিস্তৰ ক্ষতিৰ আশংকা ৷ ব্যৱস্থা গ্ৰহণৰ দাবী ৷

ongc-pollution-in-sivsagar-is-a-fed-up-with-pollution
শিৱসাগৰত অএনজিচিৰ প্ৰদূষণৰ বাবে অতিষ্ঠ আৱাসী

শিৱসাগৰ, 8 জুন: তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অএনজিচি(ONGC)ৰ অসম সম্পদৰ ৰুদ্ৰসাগৰ তৈল ক্ষেত্ৰৰ অধীনস্থ মেটেকা আমগুৰিৰ তিনি নং জি জি এচৰ পৰা নিৰ্গত খাৰুৱা তেল মিহলি বিষাক্ত ৰাসায়নিক পদাৰ্থই এক বৃহৎ অঞ্চলৰ পৰিয়ালৰ বাসগৃহ বুৰাই পেলোৱাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে ৷ বিগত কেইটামান দিনত হোৱা মূষলধাৰ বৰষুণৰ পাচৰে পৰা বৰষুণৰ পানীৰ সৈতে তিনি নং জি জি এচৰ পৰা এনেদৰে বিষাক্ত খাৰুৱা তেল মিহলি ৰাসায়নিক পদাৰ্থ নিৰ্গত হোৱাক লৈ অঞ্চলটোত সৃষ্টি হৈছে এই আতংকৰ ।

ইতিমধ্যে, মেটেকা আমগুৰি ৰাংচলীয়া গাঁৱৰ বহুকেইটা পৰিয়ালৰ বাসগৃহত এনে বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি পানী বৰষুণৰ পানীৰ সৈতে একাকাৰ হৈ প্ৰৱেশ কৰাত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ ইয়াকে লৈ তিনি নং জি জি এচৰ আশে পাশে থকা ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, বিগত সময়ছোৱাতো জি জি এচৰ ভিতৰৰ পৰা বৰষুণৰ পানীৰ সৈতে মিহলি হৈ নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থই আৱাসিক এলেকাৰ বহুকেইটা পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতি কৰাৰ লগতে স্থানীয় বহুকেইটা কৃষিজীৱি পৰিয়ালৰ পথাৰ তথা শস্যৰো বিস্তৰ ক্ষতিসাধন কৰিছে ৷

ক্ষতিগ্ৰস্ত একাধিক পৰিয়ালে ঘটনাৰ সন্দৰ্ভত বিগত ২৫ মে' তাৰিখে তিনি নং জি জি এচৰ ভাৰপ্ৰাপ্ত বিষয়াক তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আৱেদন জনাইছিল ৷ কিন্তু, তিনি নং জি জিএচ কৰ্তৃপক্ষই ৰাইজৰ এই সমস্যাৰ প্ৰতি তিলমাত্ৰাও গুৰুত্ব আৰোপ নকৰাৰ ফলত পুনৰ মাত্ৰ এটা পষেকৰ ভিতৰতেই দ্বিতীয়বাৰৰ বাবে জি জি এচৰ বিষাক্ত ৰাসায়নিক দ্ৰব্যই বিস্তৰ ক্ষতিসাধন কৰাত ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত ক্ষোভৰ উদগীৰণ হৈছে ৷

লগতে পঢ়ক: নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাইছে মন্ত্ৰী সঞ্জয় কিষাণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.