শিৱসাগৰ, 10 মাৰ্চঃ শিৱসাগৰৰ ৰঙৰ বিপনীত গ্ৰাহকৰ সেৰেঙা উপস্থিতিৰ বিপৰীতে চহৰ খনৰ মাৰোৱাৰীপট্টিত দেখা গ'ল ফাকুৱাৰ ব্যাপক উচাহ ৷ অসমীয়া মাৰোৱাৰী সম্প্ৰদায়ৰ লোক সকলে জ্যোতিপ্ৰসাদ আগৰৱালা পথত আনন্দ কৰি পালন কৰিলে ৰঙৰ উৎসৱটি ৷
দাণ্ডিয়া নাচত অংশ লোৱাৰ উপৰিও হোলী গীতৰ তালে তালে নৃত্য কৰিলে একংশ লোকে ৷ ইজনে সিজনক আৱিৰৰ ৰং সানি জ্ঞাপন কৰিলে শুভেচ্ছা ৷ মাৰাত্মক কৰ'ণা ভাইৰাছ সংক্ৰমণৰ শংকাৰ মাজতো চহৰখনত পূৰ্ব তুলনাত কিছু কম পৰিমাণে হ'লেও দেখিবলৈ পোৱা গ'ল ফাকুৱাৰ মাদকতা ৷
লগতে পঢ়কঃ হোলী উপলক্ষে ধুবুৰীত প্ৰশাসনৰ ড্ৰাই ডে ঘোষণা