শিৱসাগৰ, 30 জুলাই: থাওৰা সমষ্টিৰ (thowra constituency) বিধায়ক সুশান্ত বৰগোঁহাইয়ে (susanta borgohain) বিজেপিত যোগদান কৰাটো নিশ্চিত হোৱাত বৰ্তমান হাহাকাৰ লাগিছে শিৱসাগৰ জিলা কংগ্ৰেছত (sivsagar district congres) । সুশান্ত বৰগোঁহাইৰ বিজেপি গমনৰ পথ প্ৰশস্ত হোৱাত শিৱসাগৰ জিলা কংগ্ৰেছৰ কেইবাগৰাকী বিষয়ববীয়াই দল ত্যাগ কৰি গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে । শুকুৰবাৰে জিলা সভাপতি লক্ষ্মীনাথ সন্দিকৈৰ উপস্থিতিত অনুষ্ঠিত এখন সংবাদমেলত স্পষ্ট হৈ পৰে এই ছবি ।
সুশান্ত বৰগোহাঁইৰ বিজেপি (bjp) গমন নিশ্চিত হোৱাৰ পিছতে শিৱসাগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মামুদ আলি, সম্পাদক ৰূপক ভূঞা, অভিজিত বৰতামুলী আৰু সংখ্যালঘু কোষৰ অধ্যক্ষ বুবুটি বৰাই দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে । উল্লেখযোগ্য যে, ইতিমধ্যে সুশান্ত বৰগোহাঁইক APCC ৰ পৰা জাৰি কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী । দুই এদিনতে কংগ্ৰেছৰ পৰা বহিষ্কৃত হ'ব সুশান্ত বৰগোঁহাই । ইফালে থাওৰা সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক কুশল দুৱৰীয়ে(Kushal Dowari) কি স্থিতি গ্ৰহণ কৰিব তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ।
যদিহে কুশল দুৱৰীৰ কংগ্ৰেছলৈ আগমন হয় কি হ'ব শিৱসাগৰ কংগ্ৰেছৰ স্থিতি । এই সন্দৰ্ভত সংবাদমেলত শিৱসাগৰ জিলা কংগ্ৰেছে স্পষ্ট কৰিলে নিজৰ স্থিতি । তাৰ মাজতে শিৱসাগৰ জিলা কংগ্ৰেছে উল্লেখ কৰে যে, কুশল দুৱৰীয়ে নীতি আৰ্দশ মানি যোগদান কৰিলে আদৰণি জনাব শিৱসাগৰ জিলা কংগ্ৰেছে । অৱশ্যে থাওৰাৰ ৰাজনৈতিক পৰিৱেশ অনাগত দিনত কি হয়, সেয়া স্পষ্ট হোৱালৈ আমি বাট চাব লাগিব আৰু কেইটামান দিন ।
লগতে পঢ়ক: অমলেট খাবলৈ নাপাই তোতা মিঞাই পত্নীক কি কৰিলে জানে নে ?