শিৱসাগৰ, 10 অক্টোবৰ : চৰাইদেউ জিলাৰ সোণাৰি আৰু সাপেখাতীত শনিবাৰে কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । সোণাৰিৰ ভজো আৰু সাপেখাতিত পৃথকে পৃথকে পালন কৰিলে প্ৰতিবাদী কাৰ্যসূচী ।
প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষক আইনৰ বিৰুদ্ধে সাপেখাতি ব্লক কংগ্ৰেছৰ উদ্যোগত সাপেখাতীত বিশাল প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে ৰাজপথত নাঙল-যুঁৱলি লৈ কৃষকৰ সহযোগত সাব্যস্ত কৰিলে প্ৰতিবাদ ।
আনহাতে, পশ্চিম অভয়পুৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু ভজো মণ্ডল কংগ্ৰেছ কমিটীৰ সহযোগত ভজোত কৃষক আইনৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচীও পালন কৰা হয় ।
লগতে পঢ়ক : ক'ৰণা প্ৰতিৰোধৰ উদ্দেশ্যৰে শিক্ষক ছাত্ৰ-ছাত্ৰীৰ শপত বাক্য পাঠ