ETV Bharat / state

শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰত ক’ভিড-19ৰ গণ সংক্ৰমণ - স্বাস্থ্য পৰীক্ষা

শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰত ক’ৰণাৰ ভয়াৱহ সংক্ৰমণ ৷ ৫১ গৰাকী কাৰাবন্দীৰ শৰীৰত ক’ভিড-১৯ৰ উপস্থিতি ৷ ১৭৩ গৰাকীৰ স্বাস্থ্য পৰীক্ষাত ৫১ গৰাকী আক্ৰান্ত হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰাগাৰখনত ৷ এতিয়াও ৩৪৪ গৰাকী কাৰাবন্দীক পৰীক্ষা কৰিবলৈ বাকী ৷

শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰত ক’ভিড-19ৰ গণ সংক্ৰমণ

author img

By

Published : May 19, 2021, 3:47 PM IST

শিৱসাগৰ, 19 মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ তাৰমাজতে এইবাৰ শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতো সংক্ৰমণ হৈছে ক’ভিড-19ৰ ৷ দুটা দিনৰ পূৰ্বে এজন কয়েদী আক্ৰান্ত হোৱাৰ ঘটনাৰ পিছতেই তৎপৰতা অৱলম্বন কৰা শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে বুধবাৰে কাৰাগাৰৰ কাৰাবন্দী সকলৰ স্বাস্থ্য পৰীক্ষা চলোৱাত এই ভয়ংকৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহে ৷

ইতিমধ্যে ৫১ গৰাকীকৈ ক’ৰণাত আক্ৰান্তৰ চিকিৎসাৰ বাবে কাৰাগাৰৰ ভিতৰতেই এটা বৃহত আইচ’লেশ্যন ৱাৰ্ডৰ ব্যৱস্থা কৰি আক্ৰান্ত সকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে ৷ উল্লেখ্য যে, নিৰ্দ্ধাৰিত ক্ষমতাতকৈও শিৱসাগৰ কাৰাগাৰত অধিক সংখ্যক কাৰাবন্দীক ৰখাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷

শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰত ক’ভিড-19ৰ গণ সংক্ৰমণ

বৰ্তমান ৫১৭ গৰাকীকৈ কাৰাবন্দী থকা কাৰাগাৰখনত এজন কাৰাবন্দী আক্ৰান্তৰ পিছতেই পোহৰলৈ আহে এই ভয়ংকৰ সংক্ৰমণৰ ঘটনা ৷ বুধবাৰে স্বাস্থ্য বিভাগৰ এটা দলে ৫১৭ গৰাকী কাৰাবন্দীৰ ভিতৰতে ১৭৩ গৰাকী কাৰাবন্দীক ৰেপিড এনটিজেন পদ্ধতিৰে পৰীক্ষা চলোৱাত ৫১ গৰাকী আক্ৰান্ত চিনাক্ত হয় ৷

ইপিনে বৃহস্পতিবাৰে বাকী থকা ৩৪৪ গৰাকী কাৰাবন্দীক পৰীক্ষা কৰা হ’ব বুলি জানিব পৰা হৈছে ৷ আনহাতে, আক্ৰান্তৰ বাবে কাৰাগাৰৰ ভিতৰতেই নিৰ্মাণ কৰা অস্থায়ী আইচ’লেশ্যন ৱাৰ্ডত আক্ৰান্ত সকলক সম্পূৰ্ণ পৃথককৈ ৰখাৰ লগতে আক্ৰান্ত সকলক চিকিৎসাৰ বাবে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এগৰাকী চিকিৎসকসহ এটা স্বাস্থ্য কৰ্মীৰ দল নিয়োগ কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, কাৰাবন্দী সকলে কিছুদিন ধৰি জ্বৰ, চৰ্দি, কাহত আক্ৰান্ত হৈ আছিল ৷ একে সময়তে বিভিন্ন থানাই কৰায়ত্ব কৰি আদালতলৈ অনাৰ আগে আগে প্ৰতিজন আটকাধীনকেই ৰেপিড এন্টিজেন পৰীক্ষা কৰিহে আদালতত হাজিৰ কৰায় ৷

তেনেস্থলত ২৪ ঘন্টাই কন্টেইনমেন্ট জনতকৈ এশ গুণ অধিক কঠোৰতাৰ মাজত থকা কাৰাগাৰ খনত কিদৰে ক’ৰণাৰ প্ৰৱেশ আৰু সামাজিক সংক্ৰমণ ঘটিল সেইয়াহে এই মূহুৰ্তত সবাটোতকৈ ডাঙৰ প্ৰশ্ন হিচাবে বিবেচিত হৈছে ৷

লগতে পঢ়কঃ প্ৰতিষেধক লোৱাৰ পাচত চিকিৎসকৰ পৰামৰ্শ অনুসৰি ল’বলগীয়া যতন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.