ETV Bharat / state

আছুৰ উদ্যোগত শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণঃ অংশ ল’লে বৰ্ষীয়ান নাগৰিকে - প্ৰতিবাদ

বিভিন্ন স্থানত এতিয়াও অব্যাহত কেব বিৰোধী প্ৰতিবাদ,সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ আহ্বানত সৰ্বস্তৰৰ লোকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে,নগৰখনৰ বৰ্ডিং খেলপথাৰত এই গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়

বৰ্ডিং খেলপথাৰত এই গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
আছুৰ উদ্যোগত শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণঃঅংশ ল’লে বৰ্ষীয়ান নাগৰিকে
author img

By

Published : Dec 14, 2019, 6:38 PM IST

শিৱসাগৰ,14 ডিচেম্বৰঃ সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ আহ্বানত সৰ্বস্তৰৰ লোকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ নগৰখনৰ বৰ্ডিং খেলপথাৰত এই গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰায় পাঁচহাজাৰ প্ৰতিবাদী কণ্ঠই সমবেত হৈ আইনখনৰ বিৰোধিতা কৰে। স্থানীয় দল-সংগঠনৰ উপৰিও কলা-সংস্কৃতিৰ লগত জড়িত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে এই প্ৰতিবাদত অংশ লয় ৷ তদুপৰি কলেজ শিক্ষক সন্থা,কৰ্মচাৰী সন্থা আদিয়ে স্বতঃস্ফুৰ্তভাৱে আহি প্ৰতিবাদত অংশ লয় ৷ সকলোৱে নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভৰ জৰিয়তে ৰাইজে আইনখন বলৱৎ কৰাত বাধা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ লগতে আগন্তুক দিনত শিৱসাগৰৰ ৰাইজে বিজেপি চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিব বুলি সকিয়নী প্ৰদান কৰে ৷ উক্ত প্ৰতিবাদত ৰাইজৰ লগতে সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত,জয়শ্ৰী চলিহা,ছাত্ৰ সন্থাৰ নেতা শৰৎ হাজৰিকা,জ্যেষ্ঠ নাগৰিক সুৰেশ শইকীয়া,শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ইনামূল হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে ৷

আছুৰ উদ্যোগত শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণঃঅংশ ল’লে বৰ্ষীয়ান নাগৰিকে

লগতে চাওকঃপৰম্পৰাগত পোছাকেৰে লখিমপুৰত প্ৰতিবাদ

Intro:Body:

SIVSAGAR CAB PROTEST

*শিৱসাগৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গণ প্ৰতিবাদ-আছুৰ উদ্যোগত হাজাৰ হাজাৰ লোকৰ সমাৱেশ*

Story- BJP_HUSIAR

Ananta Smith

Sivasagar

14Th December

সমগ্ৰ অসমৰ লগতে  শিৱসাগৰতো সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ।

সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ আহবানত শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ সাৰ্বস্তৰৰ লোকৰ অংশ গ্ৰহনৰে  নগৰৰ বৰ্ডিং খেলপথাৰত এই গন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

 প্ৰায় পাঁচ হাজাৰ প্ৰতিবাদী কণ্ঠই একলগ হৈ আইনখনৰ বিৰোধিতা কৰে।

শিৱসাগৰৰ দল-সংগঠনৰ ওপৰিও কলা-সংস্কৃতিৰ লগত জড়িত অনুষ্ঠান প্ৰতিষ্ঠান  আদিৰ লগতে কলেজ শিক্ষক,কৰ্মচাৰী সন্থা আদিকে ধৰি বৃহৎ সংখ্যক ৰাইজে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে  আৰু নাগৰিকত্বৰ সংশোধিত কলা আইনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়ে। বিৰোধ প্ৰদৰ্শনৰ জৰিয়তে ৰাইজে আইনখন বলৱৎ কৰাত বাধা দিযাৰ পণ লয়।

বৃদ্ধ-পুৰুষ-মহিলা-বিদ্যাৰ্থী-কিশোৰ আদি সকলো একত্ৰ হৈ ৰাজ্য আৰু কেন্দ্ৰৰ চৰকাৰক হুচিয়াৰ কৰি কয় যে এই অসমধ্বংশী আইন অসমত বলৱৎ কৰাত প্ৰাচীৰ ৰূপে থিয় দিব।

লগতে অনাগত দিনত খাইপাত ফলা বিজেপি চৰকাৰকো ভোটৰ মাধ্যমেৰে  যোগ্য উত্তৰ দিয়া হব  বুলি সকিয়াই দিয়ে।

এই গন প্ৰতিবাদত সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত,জ্যোতি প্ৰসাদৰ দুহিতা জয়শ্ৰী চলিহা,ছাত্ৰ সন্থাৰ শৰৎ হাজৰিকা,জ্যেষ্ঠ নাগৰিক সুৰেশ শইকীয়া,শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ইনামুল হাজৰিকা আদিৰ লগতে শিল্পী,সাহিত্যিক, সাংবাদিক আদিকে ধৰি অগণিত লোকে অংশগ্ৰহণ কৰে।

Bite-সমীৰণ ফুকন

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.