শিৱসাগৰ,18জুলাইঃ শিৱসাগৰ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিড- 19 আক্ৰান্তৰ সংখ্যা । শুকুৰবাৰ নিশা অহা স্ৱাৱ পৰীক্ষাৰ ফলাফলত একেদিনাই পুনৰ 17 গৰাকীৰ দেহত ক'ভিড-19 পজিটিভ পোৱা গৈছে । উল্লেখযোগ্য যে, আক্ৰান্ত 17 গৰাকীৰ ভিতৰত সদ্য প্ৰয়াত সংগ্ৰামী নেতা অশ্বিনী চেতিয়াৰ পত্নীসহ পৰিয়াল তথা ঘনিষ্ঠ ১৩ গৰাকী লোক ক'ভিড পজিটিভ বুলি চিনাক্ত কৰা হৈছে । প্ৰয়াত অশ্বিনী চেতিয়াৰ পত্নী পল্লৱী চেতিয়া (৩২), ভগ্নী মধুস্মিতা স্বৰ্ণকাৰ (৩৯), ভনী জোঁৱাই চন্দ্ৰকমল স্বৰ্ণকাৰ (৪৪), খুলখালি মিনাক্ষী দেৱী (৩০), ককায়েক ৰঞ্জিত চেতিয়া (৫৫), বৌয়েক অসমী চেতিয়া (৩৮), ভতিজা অৰিন্দম ওৰফে অনিৰ্বাণ চেতিয়া (৩), পৰিয়ালৰ ক্ৰমে মিন্টু চেতিয়া (৪৫), ববিতা চেতিয়া (৪০), দীপ কুমাৰ (৪৫), ৰিতামণি চেতিয়া (৩৭), মণি চেতিয়া (৪৪), দীপা চেতিয়া (৪৫) লগতে লক্ষ্মীনগৰৰ নিবাসী ঘনিষ্ঠ বন্ধু জিতু শইকীয়া (৪২)।
অৱশ্যে প্ৰয়াত অশ্বিনী চেতিয়াৰ শেষকৃত্যত অংশগ্ৰহণ কৰা পাছতে ইতিমধ্যে স্বাৱ টেষ্ট কৰোৱা মন্ত্ৰী, সাংসাদ, বিধায়ক, ৰাজনৈতিক নেতা, প্ৰশাসন আৰু আৰক্ষী বিষয়া সকলৰ লগতে সাংবাদিক সকলৰ ফলাফল নিগেটিভ পোৱা গৈছে।
লগতে পঢ়কঃ নগাঁও কেন্দ্ৰীয় কাৰাগৰত কৰ'ণাৰ গণসংক্ৰমনৰ আশংকা