ETV Bharat / state

Human Trafficking Case in Sivasagar : শিৱসাগৰত অপহৃত শিশুক বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা, গ্ৰেপ্তাৰ ৩

author img

By

Published : Dec 21, 2022, 12:48 PM IST

Updated : Dec 21, 2022, 1:49 PM IST

শিৱসাগৰৰ মহিলা হত্যা আৰু শিশু অপহৰণ সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল । সংবাদমেলত শিৱসাগৰ জিলাৰ শিমলুগুৰি কেন্দুগুৰিৰ বাইলুং গাঁৱৰ নিতুমণি লুখুৰাখনৰ হত্যা আৰু তেওঁৰ অপহৃত শিশু সন্তানটিৰ সন্দৰ্ভত বুধবাৰে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ বিতং তথ্য প্ৰকাশ (Human trafficking case in Sivasagar) ।

sivasagar
sivasagar
শিৱসাগৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল

শিৱসাগৰ, ২১ ডিচেম্বৰ : শিৱসাগৰ জিলাৰ শিমলুগুৰি কেন্দুগুৰিৰ বাইলুং গাঁৱৰ নিতুমণি লুখুৰাখনৰ হত্যা আৰু তেওঁৰ অপহৃত শিশু সন্তানটিৰ সন্দৰ্ভত বুধবাৰে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই এক সংবাদমেল সম্বোধন কৰে (Sivasagar SP on human trafficking case) । উল্লেখ্য, যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা নিতুমণি আৰু তেওঁৰ সন্তান সন্দৰ্ভত শিমলুগুৰি থানাত এজাহাৰ দাখিল কৰা হৈছিল ।

পিছত মঙলবাৰে চৰাইদেউ জিলাৰ ৰজাবাৰী চাহ বাগিচাৰ নলাত নিতুমণিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে শিশু সন্তানটি নিৰুদ্দেশ হৈ আছিল (Human trafficking case in Sivasagar) । পৰৱৰ্তী সময়ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত টেঙাপুখুৰীৰ হিয়ামাই গগৈ নামৰ এগৰাকী মহিলাক আটক কৰি জেৰা কৰাৰ পাছত যোৰহাটৰ পৰা শিশুটি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে হিয়ামাই গগৈৰ স্বামী বসন্ত গগৈকো গ্ৰেপ্তাৰ কৰে (human trafficker arrested from Jorhat) ।

আনহাতে, বুধবাৰে ঘটনা সন্দৰ্ভত গগৈ দম্পতিৰ পুত্ৰ প্ৰশান্ত গগৈকো শিমলুগুৰিৰ বছা গাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । বহিঃৰাজ্যলৈ শিশুটিক চালান দিবলৈ বুলি লৈ যোৱাৰ অৱস্থাত এইদৰে উদ্ধাৰ কৰাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (human trafficking in Assam)। মাতৃক হত্যা কৰি মাকৰ বুকুৰ পৰা সন্তান কাঢ়ি নিয়াক লৈ ৰাইজ ক্ষোভিত হৈ পৰাৰ লগতে গগৈ পৰিয়ালৰ ফাঁচিৰ দাবী তুলিছে (people demand hanging of child kidnapper) ।

আনহাতে, সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকে কয় যে এইটো এক পৰিকল্পিত হত্যাকাণ্ড আৰু নিজৰ জীয়েকৰ বুকু সন্তানৰ উমেৰে পূৰ কৰিবলৈ গগৈ পৰিয়ালে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰে । উল্লেখ্য, হিয়ামাই আৰু বসন্তৰ আন এগৰাকী জীয়ৰী হিমাচল প্ৰদেশত থাকে আৰু তেওঁৰ কোনো সন্তান নাই । যাৰবাবে গগৈ পৰিয়ালে নিতুমণিৰ দহমহীয়া সন্তানটোক লক্ষ্য কৰি কৌশলেৰে সোমবাৰে নিতুমণিক মাতি নি হত্যা কৰি সন্তানসহ উধাও হয় ।

যাৰ ফলত মঙলবাৰে শিমলুগুৰি ষ্টেচনৰ পৰা হিয়ামাই আৰু বসন্ত গগৈক এগৰাকী শিশুৰ সৈতে আটক কৰাৰ পাছত তেওঁলোকে জানিবলৈ দিয়ে যে ইতিমধ্যে পুতেক প্ৰশান্তই শিশুসহিতে ৰাওনা হৈছে । শিৱসাগৰ আৰক্ষীয়ে যোৰহাট আৰক্ষীৰ সহযোগত মঙলবাৰে যোৰহাট নগৰৰ পৰা দহমহীয়া শিশুটিক এগৰাকী চৌধ্য বছৰীয়া কিশোৰীৰ হাতৰ পৰা উদ্ধাৰ কৰে । উল্লেখযোগ্য যে উক্ত কিশোৰীগৰাকী প্ৰশান্ত গগৈৰ কন্যা । আনহাতে, প্ৰশান্ত গগৈয়ে যোৰহাটৰ পৰা পলায়ন কৰাৰ পাছত বুধবাৰে পুৱতি নিশা বছা গাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত হিয়ামাই, বসন্ত আৰু প্ৰশান্ত তিনিওকে মূল অভিযুক্তৰূপে লৈ তদন্ত অব্যাহত ৰাখিছে । এই ক্ষেত্ৰত তৃতীয় পক্ষৰ সহযোগিতা আছে নেকি তাৰ প্ৰতিও দৃষ্টি ৰাখি আৰক্ষীয়ে সকলো দিশ চালিজাৰি চাইছে । আনহাতে, উদ্ধাৰ হোৱা শিশুটিক মঙলবাৰে শিশু সুৰক্ষা কোষক গতাই দি 'ৱান ষ্টপ চেল'ত ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Pengeri firing incident: সেনা-উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী; আহত সাধাৰণ নাগৰিক

Last Updated : Dec 21, 2022, 1:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.