ETV Bharat / state

Gunotsav Result 2023 : গুণোৎসৱত পুনৰ শীৰ্ষস্থানত শিৱসাগৰ জিলা - Assam education department Gunotsav

মঙলবাৰে ঘোষণা কৰা হয় ২০২৩ বৰ্ষত অনুষ্ঠিত গুণোৎসৱৰ ফলাফল । ঘোষিত ফলাফল অনুসৰি, শিৱসাগৰ জিলাই পুনৰবাৰ শীৰ্ষস্থান দখল কৰে (Sivasagar district tops in Gunotsav 2023) । আনহাতে, চৰাইদেউ জিলাই দ্বিতীয় স্থান আৰু গোলাঘাট জিলাই তৃতীয় স্থান দখল কৰে । মঙলবাৰে দুপৰীয়া জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানভাৱে ঘোষণা কৰে গুণোৎসৱৰ ফলাফল ।

Gunotsav Result 2023
গুণোৎসৱত পুনৰ শীৰ্ষস্থানত শিৱসাগৰ জিলা
author img

By

Published : Apr 25, 2023, 7:01 PM IST

গুণোৎসৱত শীৰ্ষস্থানত শিৱসাগৰ জিলা

শিৱসাগৰ, ২৫ এপ্ৰিল : মঙলবাৰে ঘোষণা কৰা হয় বিগত শিক্ষাবৰ্ষৰ গুণোৎসৱৰ ফলাফল (Gunotsav result 2023 declared) । ঘোষিত গুণোৎসৱৰ ফলাফল অনুসৰি এইবাৰো শিৱসাগৰ জিলাই পুনৰ প্ৰথম স্থান দখল কৰে (Sivasagar district tops in Gunotsav 2023) । এইবাৰকে ধৰি ধাৰাবাহিকভাৱে শিৱসাগৰ জিলাই তৃতীয়বাৰৰ বাবে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় । এই ফলাফল ঘোষণাৰ পিছতে শিৱসাগৰৰ বিদ্যায়তনিক মহল এনে ফলাফলত উৎফুল্লিত হৈ পৰিছে ।

উল্লেখ্য, শিৱসাগৰ জিলাৰ মুঠ ১,২৬৬ খন বিদ্যালয়ৰ ৭৩,৫৩২ গৰাকী বিদ্যাৰ্থীক লৈ এই গুণোৎসৱ অনুষ্ঠিত হৈছিল (Assam education department Gunotsav) । গুণোৎসৱত কেৱল বিদ্যালয়ৰ শৈক্ষিক দিশটোক মূল্যায়ন কৰায়ে নহয়, ইয়াৰ লগত বিদ্যালয়ৰ আন্তঃগাঁথনি, স্বচ্ছ পৰিৱেশ, ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকৰ দায়িত্ব, আন আন পাৰদৰ্শিতাসমূহো বিচাৰ কৰি চোৱা হয় । য'ত ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক উৎকৰ্ষ সাধন জড়িত হৈ থাকে । এনে পৰিস্থিতিত শিৱসাগৰ জিলাৰ সফলতাই সকলোকে আপ্লুত কৰিছে ।

আনহাতে, ফলাফল প্ৰকাশৰ পিছত শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে এয়া এক সামূহিক প্ৰচেষ্টাৰ ফল বুলি অভিহিত কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে । বিশেষকৈ সম্পন্ন হোৱা গুণোৎসৱৰ সময়ত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দায়িত্বত থকা কমল গগৈক তেওঁ বিশেষ ধন্যবাদ প্ৰদান কৰে । এই সামূহিক প্ৰচেষ্টা আগবঢ়াই নিব লাগিব বুলিও পৰিদৰ্শকগৰাকীয়ে উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ অধিকাৰত অধিক মনোনিবেশ কৰিব লাগিব বুলি মন্তব্য কৰে ।

উল্লেখ্য যে গুণোৎসৱ, ২০২৩ বৰ্ষত অনুষ্ঠিত গুণোৎসৱৰ ফলাফল মঙলবাৰে জনতা ভৱনত ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (CM declared Gunotsav 2023 result) ৷ ঘোষিত গুণোৎসৱৰ ফলাফলত শিৱসাগৰ জিলা শীৰ্ষস্থানত অধিষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় স্থান চৰাইদেউ জিলা আৰু তৃতীয় স্থান দখল কৰে গোলাঘাট জিলাই ৷ উল্লেখ্য যে, ২০১৬ চনৰপৰা অসমত শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহৰ মাজত গুণোৎসৱ আৰম্ভ কৰিছিল ৷ এইবাৰ গুণোৎসৱ যোৱা ১৮ জানুৱাৰীৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে ৩ টা পৰ্যায়ত অনুষ্ঠিত হয় ৷

লগতে পঢ়ক : Gunotsav 2023 Result : গুণোৎসৱ ২০২৩ৰ ফলাফল ঘোষণা; শীৰ্ষত পুনৰ শিৱসাগৰ, শেষত কাৰ্বি আংলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.